দিছপুৰত দিব্যাংগ মঞ্চ অসমৰ প্ৰতিবাদ

দিছপুৰত দিব্যাংগ মঞ্চ অসমৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- দিব্যাংগ মঞ্চ অসমৰ উদ্যোগত আজি দিছপুৰৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূ্‌ী ৰূপায়ণ কৰে৷ দিছপুৰ ঘেৰাও কাৰ্য্যসূচীত দিব্যাংগ মঞ্চৰ সভাপতি নৱজিৎ বৰ্মন, উপ-সভাপতি মহিবুৰ ৰহমান, কাৰ্যকৰী সভাপতি মঃ মোস্তাফা কামাল আৰু সম্পাদক ছেমিম আহমেদ, সদস্য শশাংক বুঢ়াগোহাঁই আদিৰ নেতৃত্বত দিছপুৰৰ কেইবা দিশৰ পৰা আহি দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুৰ তলত প্ৰায় ৪৫ জন মান লোকে বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ দীানদয়াল দিব্যাংগ পেঞ্চনটো অৰুণোদয় আঁচনিৰ পৰা পৃথক কৰি পূৰ্বৰ নিয়ম অনুসৰি নিয়মীয়া কৰাৰ লগতে ১,০০০ টকাৰ পৰিৱৰ্তে ৫,০০০ টকা কৰাৰ বাবে দাবীত দিব্যাংগসকলৰ গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা চতুর্থ বর্গৰ ৫১৩ টা পদত ইতিমধ্যে নিযুক্তি হৈ গৈছে। যিহেতু প্রভিজনেল মেৰিট লিষ্টখন ৩৬৮৩ টা পদ অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈ দিব্যাংগসকলক বেক লগ পোষ্টত নিযুক্তি দিয়াৰ বাবে দাবীত গুৱাহাটীৰ মাজমজিয়াত দিব্যাংগসকলৰ বাবে এটি আশ্রয় ভৱনৰ ব্যৱস্থা কৰি দিয়াৰ বাবে দাবী জনোৱাৰ লগতে দিব্যাংগ মঞ্চ অসমক চৰকাৰী ভূমি প্রদান কৰি দিব্যাংগসকলৰ সুবিধার্থে কার্যালয় এটা নির্মাণ কৰি দিয়াৰ বাবে দাবী জনায়৷ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ ৪১১৯ টা খালী বেকলগ পদৰ ৮৬৩ টা নিযুক্তি হৈ গৈছে। বাকী থকা পদসমূহ আৰু লগতে নতুনকৈ বিজ্ঞাপন দিয়া পদসমূহত সুকীয়াকৈ নিযুক্তি দিয়াৰ বাবে দাবী জনায়৷বর্তমান সময়ত ভাৰত তথা অসম চৰকাৰে দাখিল কৰা ২০২৪ বাজেটত দিব্যাংগৰ বাবে সুকীয়া পূর্ণ সংস্থাপনমুখী কোনো আঁচনি গ্রহণ কৰাৰ দাবী আৰু দিব্যাংগ নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষিত পদসমূহত যাতে ভুৱা দিব্যাংগই নিযুক্তি লাভ নকৰে তাৰে বাবে উচিত পদক্ষেপ গ্রহণ কৰা গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতালৰ মেডিকেল বোর্ডে ঘোষণা কৰা ভুৱা দিব্যাংগৰ হৈ কোনো সংস্থা, কোনো সংগঠন, প্রতিষ্ঠান, আইনজীবীয়ে যাতে মাত নামাতে বা আইনৰ সহায় নকৰে তাৰো দাবী জনায়৷ ভাৰতৰ সংবিধানিক ৰক্ষা কৱচ স্বৰূপ লোকসভা, ৰাজ্যসভা, বিধানসভা সমষ্টিসমূহত দিব্যাংগৰ বাবে ৫% প্রার্থীৰ প্রার্থীত্বৰ আসন সংৰক্ষণ দাবী জনোৱাৰ লগতে APSC-ADRE,TET,CTETৰ জৰিয়তে নিযুক্তি দিব খোজা পদসমূহত সংৰক্ষিত PWD পদত নিযুক্তি পাব খোজা সকলো দিব্যাংগক মেডিকেল জার্জ কৰিবৰ বাবে দাবী জনায়৷৩০-১২-২০১৮ চনৰ SLPRB Assam ৰ জৰিয়তে বিজ্ঞাপন কৰা পদসমূহত তৃতীয় বর্গত নিযুক্তি পোৱা ৩১৩ জনক (RPWD-Act-2016) ৰ অধিনিয়ম অনুসৰি পুনৰ মেডিকেল জার্জ কৰাৰ বাবে দাবী জনায়৷ উক্ত দাৱী সমূহ পুনৰবাৰ অহা ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত পূৰণ কৰাৰ বাবে দাবী জনায়৷লগতে এখন দাৱী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰীলৈ৷