ৰাষ্ট্ৰীয় ঘৰুৱা শ্ৰমিক সংগঠন,অসমৰ সংবাদ মেল

ৰাষ্ট্ৰীয় ঘৰুৱা শ্ৰমিক সংগঠন,অসমৰ সংবাদ মেল

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় ঘৰুৱা শ্ৰমিক সংগঠন অসমে এটি সংবাদ মেল আয়োজন কৰে। উক্ত সংবাদ মেলত অসম ৰাজ্যিক সমম্বয়ক অঞ্জনা কাশ্যপে কয় যে ঘৰুৱা শ্ৰমিক সকল চৰকাৰী হওক বা বেচৰকাৰী হওক সকলো সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকে।তেওঁলোকে ৰন্ধা বঢ়া, চাফ চিকুণ, কেঁচুৱা আৰু বৃদ্ধৰ যতন ইত্যাদিৰ পৰা সকলো কাম কৰিবলগীয়া হয়। তেওঁলোকে এই সংবাদ মেল যোগে বিশেষকৈ ৰাজ নৈতিক নেতা সকলক ঁআহ্বান জনাব বিচাৰিছে যে যিহেতু ৰাষ্ট্ৰীয় নিৰ্বাচন সমাগত। এই সমস্যা বোৰ সমাধানৰ বাবে ৰাজনৈতিক নেতা সকলৰ দলীয় ইস্তাহাৰত প্ৰকাশ কৰাৰ বাবে আহ্বান জনায়৷ গৃহ শ্ৰমিকৰ কাৰণে এখন আইন প্ৰণয়ন কৰা আৰু তাত তেওঁলোকক অন্তৰ্ভুক্ত কৰা। সামাজিক সুৰক্ষা প্ৰদান কৰা।ৰাষ্ট্ৰীয় বীমা ESI প্ৰদান কৰা৷৮০ টকাকৈ প্ৰতি ঘণ্টাত নিৰ্ধাৰিত কৰা।কাম কৰা মহিলাক চৰকাৰী প্ৰমাণ পত্ৰ প্ৰদান কৰা। সাপ্তাহিক বন্ধ দিয়া। বৃদ্ধ পেঞ্চন প্ৰদান কৰা।আজিৰ সংবাদ মেলত সন্থাৰ সভানেত্ৰী ধনেশ্বৰী বৰা, সাধাৰণ সম্পাদিকা যামিনি
ৰয়, সদস্য পদুমী মণ্ডল,মামণি চৌধুৰীকে আদি কৰি প্ৰায় ১৬ জন মান লোক উপস্থিত আছিল।