মাজুলীত পৰিভ্রমী চৰাই সুৰক্ষাৰ সজাগতা সভা সম্পন্ন

মাজুলীত পৰিভ্রমী চৰাই সুৰক্ষাৰ সজাগতা সভা সম্পন্ন

বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা–  মাজুলী জিলা বন বিভাগৰ উদ্যোগত আজি দক্ষিণপাট কুমাৰ গাঁও আৰু চুমৈমাৰি  গাঁওৰ ৰাইজৰ সহযোগত পৰিভ্রমী চৰাই  সুৰক্ষাৰ বাবে কুমাৰ গাঁও ৰাজহুৱা প্রেক্ষাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলীৰ বহু ঠাইত পৰিভ্রমী চৰাই দুষ্কৃতিকাৰীয়ে নিধন কৰাক লৈ আলোচনা কৰাৰ লগতে কঠোৰ পদক্ষেপেৰে কেনেকৈ দুষ্কৃতিকাৰীৰ কৱলৰ পৰা পৰিভ্ৰমী চৰাই সমূহ ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰাৰ লগতে ৰাইজক এই ক্ষেত্ৰত সজাগ হ’ৱলৈ তথা এনে ধৰণৰ ঘটনাৰ উমান পালে ততালিকে বন বিভাগক খৱৰ দিৱলৈ ৰাইজলৈ আহ্বান জনাই জিলা বন বিষয়া জয়ৰাম বৰুৱাই।