প্ৰেমৰ বিশেষ দিনক ভেলেন্টাইন ডে বুলি কয় – অনামিকা(সংগীতা) কলিতা

প্ৰেমৰ বিশেষ দিনক ভেলেন্টাইন ডে বুলি কয়

অনামিকা(সংগীতা) কলিতা/শুৱালকুছি

ভেলেন্টাইন ডে ১৪ ফেব্ৰুৱাৰী প্ৰেমৰ বিশেষ দিন হিচাপে গোটেই বিশ্ববাসীয়ে পালন কৰে। সঠিক  ক’ব নোৱাৰি কিছু তথ্যৰ পৰা জানিব পাৰিছোঁ   ৪৯৬ খ্ৰীষ্টাব্দৰ পৰা এই দিৱস পালন কৰি আহিছে   ।  ৰোমৰ ২৭০গৰাকী   শ্বহীদ মৃত্যুৰ কাৰণেও এই  প্ৰেমৰ দিৱস পালন কৰি  অহা বুলি কয়।কাৰণ যিয়েই নহওক  প্ৰেম এক স্বৰ্গীয় অনুভূতি।  মোৰ দৃষ্টিত প্ৰেম হৃদয়ৰ অনুভূতি। সেয়া বিভিন্ন জনৰ সৈতে হ’ব পাৰে।

বিবাহ পাশত আৱদ্ধ হৈ নিজৰ জন্মৰ ঘৰখন এৰি আহোতে কান্দিছিলো ।তেতিয়া অনুভৱ হৈছিল মা /দেউতা আৰু দাদা হতৰ প্ৰতি থকা প্ৰেম । বৰ্তমান মোৰ জীৱন লগৰীৰ প্ৰেমত পৰি তেখেতৰ সৈতে খোজ মিলাই   ২৩বছৰ হাতত হাত ধৰি চলি আছোঁ। এয়া হৃদয়ৰ মৰম। এটি  প্ৰেমৰ কবিতা মোৰ মনৰ অনুভৱ–

প্ৰেম এক অনুভূতি 

মোৰ মান -অভিমান
সকলো তোমাক লৈ,
এয়া জানো প্ৰেম নহয় ।
চকুৰেই ল’ব বিচাৰোঁ
তোমাৰ হৃদয়ৰ উমান ।
তোমাৰ মুখ দেখিলেই
বুজি পাওঁ ,
আকুলতা ভৰা চাওঁনিত
আত্মহাৰা হওঁ  মই
তোমাৰ প্ৰেমত ।
গভীৰ হৈ আহিছে প্ৰেম
মোৰ আন্তৰত
মাথোঁ তোমাৰ বাবেই
লাহ-লাহে  সংগোপনে—

অনুভৱ হয় বৰ্তমান কম্পিউটাৰ মোবাইলৰ যুগত প্ৰেমৰ ভাবধাৰা সলনি হৈছে।  আজিকালিৰ প্ৰেমিক/প্ৰেমিকা ফেচবুক/হোৱাট এপৰ দৰে মনবোৰ,ইচ্ছা গলে আপলোড কৰে আৰু ইচ্ছা গলে ব্লক কৰে।অকণমান ধেমালি কৰিলোঁ।