মহানগৰীৰ যোৰপুখুৰী পাৰ নিবাসী পৰাণজিত দাসৰ দেহাৱসান

মহানগৰীৰ যোৰপুখুৰী পাৰ নিবাসী পৰাণজিত দাসৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ যোৰপুখুৰী পাৰ জে বি লেন নিবাসী সৰবৰহী ধৰ্মপ্ৰাণ ব্যক্তি পৰাণজিত দাসৰ যোৱানিশা ১:২০ বজাত উনষাঠি বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আকস্মিক মৃত্যু ঘটে৷ “ৰিহাবাৰী জলসিঞ্চন বিভাগত কৰ্মৰত দাসে কালি কাৰ্যলয়লৈ গৈ থকা অৱস্থাত পথত ধলি পৰে আৰু স্থানীয় ৰাইজে কাষতে থকা উইনট্ৰব হাস্পতালত ভৰ্তি কৰে যদিও ঘৰৰ মানুহে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্ত্তি কৰে যদিও শেষৰাত্ৰি ইহলীলা সম্বৰণ কৰে৷ দাসে মৃত্যুৰ সময়ত সহধৰ্ম্মিণী,পুত্ৰ কন্যা সহ মাতৃ ও বহু ইষ্ট কুটুুম্বক এৰি থৈ গৈছে৷পৰানজিত দাসৰ বিয়োগত প্ৰেছ ক্লাব অসমে গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷৷