ফটাশিলত ‘মানসিক স্বাস্থ্য-মানসিক ৰোগ’ বিষয়ক সজাগতা সভা

ফটাশিলত ‘মানসিক স্বাস্থ্য-মানসিক ৰোগ’ বিষয়ক সজাগতা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ৰিহাবাৰীস্থিত বে-চৰকাৰী সংস্থা ‘আশাদীপ’ৰ উদ্যোগত ধীৰেনপাৰাস্থিত ‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ সহযোগত ১০ ফেব্ৰুৱাৰীত ফটাশিল জি এম চি নিউ ক’লনীৰ প্ৰাংগনত এখন ‘মানসিক স্বাস্থ্য-মানসিক ৰোগ’ বিষয়ক সজাগতা সভা অনুষ্ঠিত হয়৷ ‘জনসেৱা’ৰ সম্পাদক নুৰুল হক আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাত পৌৰোহিত্য কৰে সভাপতি কুমুদ শৰ্মাই৷সভাত আশাদীপৰ জ্যেষ্ঠ কমাজকৰ্মী ফুং ৰাজা মুছাহাৰীয়ে ভাষণত কয়-আমাৰ সমাজত সাধাৰণতে মানসিক ৰোগাক্ৰান্ত এজন ব্যক্তিক ‘পাগল’ বা ‘মূৰৰ বিকৃতি থকা’ বুলি আখ্যা দিয়া হয়৷ই মানসিক ৰোগৰ প্ৰতি থকা আমাৰ ভ্ৰান্ত ধাৰণাকহে সূচায়৷মানসিকভাৱে অসুস্থ ৰোগীক সাধাৰণতে কোনো অলৌকিক শক্তি বা অপাৰ্থিৱ শক্তিৰ কবলত পৰা বুলি বিশ্বাস কৰা হয়৷ই এক ভিত্তিহীন ধাৰণা৷অন্য ৰোগৰ দৰেই মানসিক ৰোগৰো চিকিৎসা আছে৷প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগ চিহ্নিত হ’লে সঠিক চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি৷সভাত আশাদীপৰ জ্যেষ্ঠ সমাজকৰ্মী যোশেফ এ চাংমা,ফটাশিল জি এম চি নিজ ক’লনী পঞ্চায়তৰ সম্পাদক,ডি কে ৰাজু,মহাত্মা গান্ধী বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দিনেশ ৰাম আদি কেইবাজনো বিশিষ্ট লোকে মানসিক স্বাস্থ্য আৰু মানসিক ৰোগৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে৷