উজনি অসমতো জনপ্ৰিয় ‘কেপ্টেইন অবিনাশ’  –  নজৰুল হ’ক 

উজনি অসমতো জনপ্ৰিয় ‘কেপ্টেইন অবিনাশ’ 

 নজৰুল হ’ক 

চলিত নাট্যবৰ্ষত কাহিনী আৰু অভিনয়ে প্ৰতিজন দৰ্শকক সন্তুষ্ট কৰিব পৰা অন্যতম এখন জনপ্ৰিয় নাট সৈতে ইতিহাস থিয়েটাৰৰ ‘কেপ্টেইন অবিনাশ’। সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ৰচিত-পৰিচালিত নাটখনে এইবেলি অসমৰ প্ৰতিটো প্ৰান্ততে লাভ কৰিছে তুমুল জনপ্ৰিয়তা । এই নাটখন জনপ্ৰিয় হোৱাৰ কাৰণ বহুকেইটা। প্ৰথম কাৰণটো হ’ল- প্ৰযোজক সুভাষ দাসৰ নেতৃত্বত ইতিহাস থিয়েটাৰে আজি কিছু বছৰ ধৰি উৎকৃষ্ট নাটক মঞ্চস্থ কৰি অহাটো। দ্বিতীয়তে প্ৰযোজকে নাট্যকাৰক সততে দাবী কৰে এখন ভাল নাটক দিবলৈ, যিখন নাটকৰ কাহিনী আৰু অভিনয়ে যাতে দৰ্শক ৰাইজক মানসিক শান্তি দিব পাৰে। নাট্যকাৰেও এই কথা হৃদয়ংগম কৰি নাট্যদলটোৰ বাবে তেনে এখন নাট ৰচনা কৰাৰ প্ৰয়াস কৰে । তৃতীয় কাৰণটো হ’ল- নাটখনৰ মুখ্য চৰিত্ৰটো। এই চৰিত্ৰটোত অভিনয় কৰিছে অভিনয় মঞ্চৰ জনপ্ৰিয় অভিনেতা তথা এক্চন হিৰো প্রসেনজিত বৰাই। সাধাৰণতে প্রসেনজিত বৰাই ইতিপূৰ্বে ৰূপায়ন কৰা চৰিত্ৰ সমূহৰ সম্পূৰ্ণ বিপৰীত এটা চৰিত্ৰত অভিনয় কৰাৰ বাবেই হয়তো ‘কেপ্টেইন অবিনাশ’ আজিৰ তাৰিখত চৰ্চাৰ অন্যতম বিষয়। নাটখন জনপ্ৰিয় হোৱাৰ আন এটা উল্লেখযোগ্য দিশ হৈছে সহ:শিল্পী সকলৰ প্ৰাচুৰ্যপূৰ্ণ অভিনয় আৰু নাটখনত সংযোজন কৰা গীত কেইটাৰ সমাদৰ । ইয়াৰ উপৰিও সৰ্বশেষ কাৰণটো হল প্ৰেম ভালপোৱা আৰু জীৱন সংগ্ৰামৰ আৱেগসনা এটা নিপোটল কাহিনী। যি বলিষ্ঠ কাহিনীক দৰ্শকৰ বাবে জনপ্ৰিয় কৰি তুলিছে প্রসেনজিত-নির্মালীৰ লগতে অৰ্চনা বৰা, ভায়লিনা বৰুৱা, পদ্ম বৰা, জীৱন হাতীকাকতি, চন্দন বৰা, নাজিমূল ইছলাম, চম্পক মেধি, পাৰ্থ কলিতা, মানস শইকীয়া, বিকি আদি শিল্পী সকলৰ নিখুঁত অভিনয়ে। যাৰ বাবে নামনি আৰু মধ্য অসমৰ পাছত উজনি অসমৰো প্ৰতিটো পেণ্ডেলত জনপ্ৰিয় তথা চর্চিত হৈ পৰিছে ‘কেপ্টেইন অবিনাশ’। দৰ্শকৰ দৃষ্টিত নাটখন এই বৰ্ষৰ এখন উৎকৃষ্ট নাট হিচাবে পৰিগণিত হৈছে।