চি পি আই (এম),অসমৰ ৰাজ্যিক কমিটীৰ বিক্ষোভ কাৰ্যসূচী

চি পি আই (এম),অসমৰ ৰাজ্যিক কমিটীৰ বিক্ষোভ কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ পাণবজাৰস্থিত মেঘদূত ভৱনৰ সন্মুখত চি পি আই অসম ৰাজ্যিক কমিটীয়ে  বিজেপি চৰকাৰে ৰাজ্যসমূহৰ অধিকাৰৰ ওপৰত কৰা অক্ৰমণ আৰু কেৰেলাৰ বাঁওপন্থী চৰকাৰৰ প্ৰতি কৰা বৈষম্যৰ বিৰুদ্ধে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷উক্ত কাৰ্যসূচীত নেতৃত্ব দিয়ে সৰ্বশ্ৰী সু-প্ৰকাশ তালুকদাৰ চিপিআইএমৰ ৰাজ্যিক সম্পাদক, ইচফাকুৰ ৰহমান চি পিআই এমৰ সদস্য , উদ্ধৱ বৰ্মন প্ৰাক্তন সাংসদ,শতঞ্জীৱ দাস চি পি আইৰ ৰাজ্যিক সদস্য আদি কৰি  এই বিক্ষোভ কাৰ্যসূচীত প্ৰায় ৪০ জন মান সদস্য/সদস্যাই অংশ গ্ৰহণ কৰে ।