অসমৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ বিশেষ  অভিৱৰ্তন

অসমৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ বিশেষ  অভিৱৰ্তন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰে চালক সকলৰ ওপৰত জাপি দিয়া কলা আইনৰ প্ৰতিবাদত এখন বিশেষ অভিৱৰ্তন অনুষ্ঠিত কৰে। এই অভিৱৰ্তনে শ্ৰমিকৰ বৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বভাৰতীয় ধৰ্মঘটক সমৰ্থন জনাই অসমতো এক ধৰ্মঘট,  কৰ্মবিৰতি হিচাবে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ১৬ ফেব্ৰুৱাৰীৰ সলনি ১৫ ফেব্ৰুৱাৰীত ২৪ ঘন্টীয়া কৰ্ম বিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই আইনখনে যিহেতু সকলো ধৰণৰ লোককে সাঙুৰি লৈছে সেয়েহে ব্যৱসায়িক যানবাহন চালকৰ লগতে অন্যান্য চালক সকলকো কৰ্মবিৰতি পালন কৰিবলৈ আহ্বান জনায়। এই অভিৱৰ্তনত নৰ্থ ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাস, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সম্পাদক ৰেজেক আহমেদ,মটৰ শ্ৰমিক সন্থাৰ সম্পাদক বীৰেণ শৰ্মা, ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি মনোজ হালৈ, ৰূপম দত্তৰ উপৰিও বাছ মালিক সন্থাৰ কেইবাগৰাকীমান ব্যক্তি সহ প্ৰায় ৮০ জন মান ব্যক্তি উপস্থিত আছিল।