খানাপাৰাত ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

খানাপাৰাত ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বিশাল সমাৱেশত অসমবাসী ৰাইজক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  খানাপাৰাত ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে ।  জনসমুদ্ৰত পৰিণত হোৱা খানাপাৰা খেল পথাৰত প্ৰধানমন্ত্ৰীগৰাকী এখন মুকলি বাহনত কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক লৈ প্ৰৱেশ কৰে। সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীক অসমৰ প্ৰতি দেখুওৱা আন্তৰিকতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদীৰ শাসন কালতে অসম সন্ত্ৰাসমুক্ত হোৱাৰ লগতে অসমলৈ শান্তি ঘূৰি আহিছে। তেওঁ কয়, যোৱা ৩ বছৰত অসমত কোনো আন্দোলন হোৱা নাই। মোদীৰ অসম প্ৰেমৰ বাবেই অসমৰ উন্নয়ন সম্ভৱ হৈ পৰিছে বুলি নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ভাষণৰ পিছতেই খানাপাৰাৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ভাৰ্ছুৱেলী উদ্বোধন কৰে ১৪৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিশ্বনাথ আৰু গহপুৰ সংযোগী চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫৯২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দোলাবাৰী আৰু জামুগুৰি চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰোপৰি তেওঁ ভাৰ্ছুৱেলী শিলান্যাস কৰে ৮৩২ কোটি টকাৰে নেহৰু ষ্টেডিয়াম উন্নীতকৰণ প্ৰকল্প, ৩৫৮ কোটি টকা ব্যয়ৰে লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথ প্ৰকল্প,৩০০ কোটি টকা ব্যয়ৰে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ প্ৰকল্প, ৫৭৮ কোটি টকা ব্যয়ৰে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় প্ৰকল্প, ৩,২৫০ কোটি টকা ব্যয়ৰে GMCHৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প, ৪৯৮ কোটিটকীয়া মা কামাখ্যা কৰিডৰ প্ৰকল্প, ৩.৮৮৮ কোটি টকা ব্যয়ৰে ৩৮ খন দলংসহ ৪৩ টা পথৰ উন্নীতকৰণ প্ৰকল্প, ২৯৭ কোটি টকা ব্যয়ৰে ঐক্য ভৱন। এই উদ্দেশ্যে প্রায় দুই লাখ জনতাক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে দিয়া উদাত্ত ভাষণৰ আৰম্ভণিতে অসমীয়া ভাষাত ‘আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ’ বুলি কয়। ভাষণত প্রধানমন্ত্রী মোদীয়ে কয়- ‘আজি মা কামাখ্যাৰ আশীৰ্বাদত মই আকৌ এবাৰ অসমৰ উন্নয়ন। সম্পর্কীয় এলানি প্রকল্প আপোনালোকক হস্তান্তৰ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। আজিৰ এই সকলোবোৰ প্রকল্পই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশৰ সৈতে অঞ্চলটোৰ যোগাযোগ অধিক শক্তিশালী কৰিলে। এই প্রকল্পসমূহে অসমৰ পৰ্যটন খণ্ডত নতুন নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰিব আৰু ক্রীড়া প্রতিভাসমূহকো নতুন সুযোগ প্রদান কৰিব। প্রকল্পসমূহে চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু স্বাস্থ্যসেবা কেন্দ্র হিচাপে অসমৰ ভূমিকাও সম্প্ৰসাৰিত কৰিব। এই প্রকল্পসমূহৰ বাবে মই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মোৰ পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জনাইছোঁ। মই কালি সন্ধিয়া ইয়ালৈ আহিছিলোঁ। গুৱাহাটীৰ মানুহে পথলৈ ওলাই আহি আমাক আদৰণি জনাইছিল আৰু ডেকা-বৃদ্ধ সকলোৱে আমাক আশীর্বাদ দিছিল। মই আপোনালোক সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই টিভিত দেখিছিলোঁ যে আপোনালোকে লাখ লাখ বন্তি জ্বলাইছিল। আপোনালোকৰ এই মৰম, আপোনালোকৰ আত্মীয়তা মোৰ বাবে বৃহৎ প্রাপ্তি। আপোনালোকৰ মৰম, আপোনালোকৰ আশীর্বাদেই মোক নিৰন্তৰ শক্তি প্ৰদান কৰি আহিছে। মই আপোনালোক সকলোৰে প্ৰতি যিমানেই কৃতজ্ঞতা জ্ঞাপন নকৰোঁ কিয় সেয়া কমেই হ’ব।’ ভাষণত প্রধানমন্ত্রী মোদীয়ে আৰু কয়- ‘যোৱা কেইদিনমানত মই দেশৰ বহুতো তীৰ্থ ভ্ৰমণ কৰাৰ সুযোগ পাইছোঁ। অযোধ্যাৰ বিশাল অনুষ্ঠানৰ পিছত মই এতিয়া মা কামাখ্যাৰ দ্বাৰত উপস্থিত হৈছোঁহি। আজি মই ইয়াত মা কামাখ্যা দিব্যলোক প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছোঁ। যেতিয়া ইয়াৰ নিৰ্মাণ সম্পূর্ণ হ’ব; ই সমগ্র দেশ আৰু বিশ্বৰ পৰা অহা মাৰ ভক্তসকলক অপৰিসীম আনন্দৰে ভৰাই তুলিব। মা কামাখ্যা দিব্যলোক প্রকল্প সম্পূৰ্ণ হোৱাৰ পিছত  প্রতিবছৰে অধিক ভক্তই ইয়ালৈ আহিব পাৰিব আৰু মা কামাখ্যাৰ দৰ্শনাৰ্থীৰ সংখ্যা যিমানেই বাঢ়িব, সিমানেই  ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল পৰ্যটনৰ প্ৰৱেশদ্বাৰ হৈ উঠিব। যিসকল ইয়ালৈ আহিব, তেওঁলোক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দিশে আগবাঢ়িব। এনে এক মহান কাৰ্য এই দিব্যলোকৰ সৈতে জড়িত হৈ আছে। এই সুন্দৰ প্ৰকল্পটোৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ চৰকাৰক প্ৰশংসা কৰিছোঁ।’ ভাষণত প্রধানমন্ত্রী মোদীয়ে যোৱা ১০টা বছৰত বিজেপি চৰকাৰে দেশত অভিলেখসংখ্যক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ কথা। উল্লেখ কৰি কয় যে আগতে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ কেবল ডাঙৰ চহৰসমূহতহে স্থাপন কৰা হৈছিল। আজি সমগ্র দেশতে আই আই টি, এইমছ, আই আই এমৰ দৰে প্ৰতিষ্ঠানৰ নেটৱৰ্ক স্থাপন কৰা হৈছে। যোৱা ১০টা বছৰত দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা প্রায় দুগুণ হৈছে। অসমত ১০ বছৰ আগত আছিল ৬ খন মেডিকেল কলেজ। এতিয়া অসমৰ মেডিকেল কলেজৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পালে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ কেঞ্চাৰ চিকিৎসাৰ কেন্দ্ৰবিন্দু বুলিও উল্লেখ কৰে। বৰ্তমান দেশত পৰ্যটন আৰু তীৰ্থ যাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, বিগত বছৰত কেদাৰনাথলৈ ১৯ লাখ, কাশীলৈ৮ কোটি তীৰ্থ যাত্ৰীৰ আগমণ ঘটিছে।অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ পাছত ২৪ লাখ ভক্তই অযোধ্য়া ভ্ৰমণ কৰিছে। সেইদৰে কামাখ্যা কৰিড’ৰ নিৰ্মাণ কৰাৰ পাছত কামাখ্য়া ধামলৈও এনেদৰেই ভক্তৰ আগমণ ঘটিব বুলিও তেওঁ আশা ব্যক্ত কৰে। তেওঁ অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ কথা উল্লেখ কৰি পুনৰ কয়, অসম, উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে বিজেপি চৰকাৰে ইয়াৰ পৰ্যটনৰ ওপৰত গুৰুত্ব দিছে। যোৱা ১০ বছৰত ইয়ালৈ আগমণ ঘটা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। পূৰ্বেও পৰ্যটক আহিছিল যদিও সন্ত্ৰাসবাদৰ সমস্যাৰ বাবে আজিৰ দৰে পৰ্যটক অহা নাছিল। এতিয়া শান্তি প্ৰতিষ্ঠা হোৱাত পৰ্যটকৰ আগমণ বৃদ্ধি পাইছে। যোৱা ১০ বছৰত অসমৰ বিকাশ ৪০০ শতাংশ গুণ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৪ বৰ্ষৰ পাছত অসমত ১৯০০ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণ হৈছে। ১০ বছৰৰ পূৰ্বে অসমত আছিল ১০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ। ২০১৪ চনৰ পিছত ৬ হাজাৰ কিলোমিটাৰ বৃদ্ধি পালে ৰাষ্ট্ৰীয় ঘাইপথৰ দৈঘ্য । ভাষণত তেওঁ কেন্দ্ৰীয় বাজেটৰ কথাও উল্লেখ কৰে। তেওঁ কয়, সাধাৰণ জনতাৰ জীৱন উন্নতিকৰণৰ বাবে কেন্দ্ৰীয় বাজেটত ১২ লাখ কোটি টকা আন্তঃগাঁথনি উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। এই কথা উল্লেখ কৰি তেওঁ কয় ১০ বছৰত কংগ্ৰেছ চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় কৰিছিল ১২ লাখ কোটি টকা। কিন্তু এইবাৰ চৰকাৰে এবছৰতে নিৰ্মাণ কাৰ্যত ব্যয় কৰিব ১২ লাখ কোটি টকা। ফলত নতুন সংস্থাপন আৰু উদ্য়োগিক বিকাশ সম্ভৱ হৈ উঠিব বুলিও কয়। লগতে এই বৰ্ষৰ বাজেটত বিজুলীৰ বিল শূন্য কৰাৰ প্ৰচেষ্টাৰে কেন্দ্ৰীয় চৰকাৰে ১ কোটি লোকক সৌৰশক্তিৰ পদ্ধতিৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰয়োজনীয় বিজুলী উৎপাদন কৰাৰ লগতে অতিৰিক্ত বিজুলী বিক্ৰীও কৰিব পাৰিব। ভাষণত তেওঁ মোডীয়ে দিয়া গেৰাণ্টি মানে গেৰান্টি পূৰণ হোৱাৰ গেৰান্টি বুলি মন্তব্য কৰে। তেওঁ লাখপতি দিদিৰ সংখ্যা ২ কোটিৰ পৰা ৩ কোটিলৈ বৃদ্ধি কৰাৰ কথা কয়। ইয়াৰ জৰিয়তে অসমৰ বহু মহিলাও লাখপতি হোৱাৰ কথা নিশ্চিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।আনহাতে অসমৰ পৰিৱেশ সলনি হোৱাৰ কথা কৈ তেওঁ কয়, পূৰ্বে অসমলৈ দলীয় কামত অহাৰ সময়ত তেওঁ বন্ধ, প্ৰতিবাদৰ সন্মুখীন হৈছিল।কিন্তু এতিয়া সেই পৰিৱেশ নাই। এতিয়া অসমত বোমা বিস্ফোৰণ নহয়। অসমৰ ৬০০০ যুৱকে অস্ত্ৰ ত্যাগ কৰি শান্তিৰ পথ বাছি লোৱা বুলিও তেওঁ উল্লেখ কৰে। বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদ দূৰ হোৱা বুলিও তেওঁ কয়। লগতে দেশক বিশ্বৰ তৃতীয় বৃহৎ শক্তি হিচাপে গঢ়াৰ অংগীকাৰ গ্ৰহণ কৰে। ২০৪৭ ৰ ভিতৰত ভাৰতক শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ সংকল্প লয়। ভাৰতৰ এই বিকাশত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰো ভূমিকা অনন্য বুলি উল্লেখ কৰি দেশৰ এনে বিকাশৰ অংশীদাৰ হোৱাৰ বাবে অসমবাসীকো অভিনন্দন জনায়।