আত্মবিশ্বাসৰে জীৱনত আনন্দৰে জীয়াই থাকিবলৈ শিকক
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে আত্মবিশ্বাসৰে জীৱন জীয়াই থকাটো ৷ আমি জীৱনত বস্তুৰ মুল্য মনত ৰাখোঁ,আৰু বস্তুবিলাকক মুল্য দিওতে দিওতে,আমি জীৱনক মুল্য দিবলৈ পাহৰি যাওঁ ৷ প্ৰত্যেক বস্তুৱেই জীৱনৰ হ’ল আনন্দ স্বৰূপ ৷ জীৱন যেতিয়ালৈকে আছে বস্তুও থাকিব,আৰু যদি জীৱনে নাথাকে তেতিয়া কোনটো বস্তু মুল্যবান,কিন্তু আমি বস্তুবোৰক ইমান মুল্য দিওঁ যে জীৱনৰ ওপৰত ধ্যানে দিয়া নেযায় যে জীৱনত কেনেদৰে জীৱনযাপন কৰি আছোঁ ৷ আৰু ইয়াতে যিটো “ জীৱন ” ৰ কথা উল্লেখ কৰা হৈছে তাৰ অৰ্থ উশাহনিশাহ লৈ,চলন ফুৰণ কৰি থকা যান্ত্ৰিক জীৱনৰ কথা কোৱা হোৱা নাই ৷ প্ৰকৃত অৰ্থত জীৱন তেতিয়াহে য’ত আনন্দ আছে,মুক্তি আছে, উৰিবলৈ হেপাঁহ আছে,সৰলতা আছে আৰু যিটো জীৱনত জটিলতা,সন্দেহ, অন্ধবিশ্বাস, কুসংস্কাৰ, অন্ধকাৰ ইত্যাদি আছে তেনে জীৱনটো মৃত্যুৰ সমান ৷ তেতিয়া হ’লে সকলোতকৈ মুল্যবান কি ?কোনো বস্তুৱেই মুল্যবান নহয়, যদিহে প্ৰফুল্লতা,আনন্দ, মুক্ত জীৱন এটা নাই ৷ আনন্দৰ দিশত যদি কোনো বস্তুৰ সহযোগিতা পোৱা যায় তেতিয়া সেই বস্তুক গ্ৰহণ কৰা উচিত আৰু যদি আনন্দৰ দিশত কোনো বস্তুৰ অৱৰোধ পোৱা যায় তেতিয়া হলে তেনে বস্তুক ত্যাগ কৰাই উচিত ৷ মুল কথাটো বস্তু নহয়,মুল কথা হৈছে আত্মবিশ্বাসৰে জীৱনত আনন্দ লাভ কৰাটো ৷ জীৱনৰ অৰ্থ দৈনিক খোৱালোৱা,শুৱা,উঠা,উশাহনিশাহ লোৱা নহয় জীৱনৰ অৰ্থ আত্মবিশ্বাস য’ত আছে আনন্দ,উৰিবলৈ হেপাহ এটা মুক্ত জীৱনৰ অনুভৱ কৰা ৷