ইতিহাস – সত্যজিৎ গগৈ

Pc MOOC.org
ইতিহাস
সত্যজিৎ গগৈ
স্বাধীন চিন্তাৰ প্ৰতিভা বিকাশে
নিৰহংকাৰী জীৱনৰ
জটিল পথ অতিক্ৰম কৰে
আৰু প্ৰাৰ্থনা প্ৰাপ্তিয়েই
জীৱনৰ পূণ্যতা লভে।
জুপুৰিৰ খেৰীচালত বাহ সজা
ঘৰচিৰিকাবোৰৰ কথা
তুমি হয়তো পাহৰিছা !
সেয়েহে,
ক’লা ঘন ডাৱৰৰ ফাঁকেৰে
এটি উজ্বল জ্যোতিষ্ক হৈ
জীৱন্তে হ’ব পাৰে তোমাৰ পংকিল সমাধি…
এপুখুৰী আকাশ নীলাৰ দৰে
অথবা
সাগৰৰ দৰে গভীৰ উপত্যকাত
বিচাৰি ফুৰা
প্ৰতিটো অতীতৰ আছে
এটা সুকীয়া ইতিহাস ৷
বুভুক্ষু দুচকুৰ কৰুণতাত
পাখি লগা কাড়ত
যদি সময় উঠে
ধূসৰ হয়নে স্মৃতি!
ৰূপকাৰ শব্দবোৰ
সুৰকাৰ অনুভূতিবোৰ আৰু
কুণ্ডলি পকাই উৰি যোৱা
বিষাদৰ এখন ক’লা চাদৰ
যিদৰে
সেউজীয়া নহ’লে নাথাকে প্ৰাণ ।।