সৰিয়হ ফুলাৰ দিনবোৰ – এছ ইছলাম

সৰিয়হ ফুলাৰ দিনবোৰ
এছ ইছলাম, বৰপেটা
সৰিয়হ ফুলাৰ দিনবোৰ কি যে মধুময়!
হালধীয়া দলিচাখন যেন
থোপা থোপাকৈ ফুলা হালধীয়া
ফুলবোৰে খিলখিলাই হাঁহি হাঁহি ফুলি
থাকে যেন স্বৰ্গৰ নাচনী পৰী।
স্বৰ্গীয় সুবাস বিলাই মৰতত
মন-প্ৰাণ মতলীয়া কৰা সোণালী শৈশৱে
ঢাপলি মেলিছিল সৰিয়হ ফুলাৰ দিনত
মন বাউলি কৰিছিল এমোকোৰা হালধীয়া ৰঙে।
সৰিয়হ ফুলাৰ দিনতে সোণালী শৈশৱে
পখিলা খেদি ভাগৰি পৰিছিল
সৰিয়হ ডৰাৰ চিনাকি আলিত
ফুলে ফুলে উৰি ফুৰা ভোমোৰাৰ মধু গুঞ্জন
উৰিছিল আকাশত লানি নিচিগা কৈ
বগা বগলীৰ জাক।
উৰি গৈছিল এজাক অচিন চৰাই
বাৰেবৰণীয়া পখিলাবোৰে পাখি মেলি
উৰিছিল ফুলৰ মৌ বিচাৰি নিয়ৰ সিক্ত
সৰিয়হ ফুলবোৰ প্ৰভাতী কিৰণত
অপৰূপ ৰূপ মাধুৰীৰ মায়াৰে উঠিছিল উজ্বলি।
সৰিয়হ ফুলা দিনবোৰে কঢ়িয়াই
আনে মধুময় সুখৰ বন্যা
আঁকি থৈ যায় হৃদয়ত বৰ্ণাঢ্য
প্ৰাকৃতিক শোভাৰ এক অনাবিল সুখৰ
মোহনীয় আলোক চিত্ৰ।
হালধীয়া ফুলাম সৰিয়হ ডৰাই কৃষকৰ
দুচকুত আনে আশাৰ বতৰা
দুখৰ চকুলো মচি এমুঠি আশাৰ
জোনাক সিঁচি যায়
এটি সপোন দিঠক হোৱাৰ বাতৰি কঢ়িয়ায়।