দেৰগাঁৱৰ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা নিৱেদনেৰে জাতীয় পৰিষদৰ বন্তি প্ৰজ্বলন

দেৰগাঁৱৰ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা নিৱেদনেৰে জাতীয় পৰিষদৰ বন্তি প্ৰজ্বলন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত যোৱা ৩ জানুৱাৰীত দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ব্যক্তিসকলৰ আত্মাৰ সদগতিৰ অৰ্থে আজি অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰাৰ লগতে ১মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয় । এই অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা উপস্থিতিত থকাৰ লগতে দলৰ সদস্যকলে আগভাগ লয় । নিহতসকলৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰি জগদীশ ভূঞাই কয় যে এই দুৰ্ঘটনাৰ বাবে মূলত দায়ী চৰকাৰ কিয়নো বিগত বহু বছৰ ধৰি নুমলীগড়ৰ পৰা ডিব্ৰুগড় পৰ্যন্ত নিৰ্মীয়মান ৪-লেনযুক্ত পথছোৱা কামত কোনোধৰণৰ অগ্ৰগতি দেখা পোৱা নাই যাৰ ফলত চলাচলৰ বাবে যাত্ৰীসকলে জীয়াতু ভুগিব লগা হয় । তাৎপৰ্যপূৰ্ণ বাবে এটা প্ৰশ্নৰ উত্তৰ চৰকাৰৰ পৰা তেখেতে বিচাৰে যে কাৰ ছত্ৰ-ছায়াত দৈনিক এনে ধৰণৰ অবৈধ কয়লা ভৰ্তি ট্ৰাক উজনি অসমৰ পৰা আহি থাকে আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ গৰাকী কোন? শেষত তেখেতে সকলো নিহত আৰু আহত ব্যক্তিক উচিত ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰক আহ্বান জনায়।