চিঞৰ- মুন শৰ্মা

PC - 123RF
চুটিগল্প
চিঞৰ
 মুন শৰ্মা, লখিমপুৰ
সন্ধ্যা নামিল আন্ধাৰ আহিল  ৰাস্তাৰ কাষৰ দোকান কেইখন আৰু কাষৰ মানুহ ঘৰ কেইটাৰ বাৰাণ্ডাৰ  লাইট কেইটা জ্বলি উঠিল। সিফালে অণিমা খৰ খোজে আগুৱাইছে সোনকালে ঘৰ পাব লাগে। এতিয়াও ঘৰ পাবলৈ দুই কিলোমিটাৰ বাট, বেছ চিন্তিত তাই কাৰণ ঘৰত মাকৰ অসুখ, তেওঁৰ আজি অলপ বেছি বেয়া, সেয়ে তাই ভাবিছিল  আজি অলপ সোনকালে অফিচৰ পৰা ওলাব কিন্তু বিধিৰ বিপাক অফিচৰ কামত তাই আন দিনত কৈ অলপ বেছি সময় হে থাকিব লগা হল।
ঘৰত তাই আৰু মাক দেউতাক নাই সৰুতে ধুকাল,মাকে  অশেষ কষ্টৰে তাইক পঢ়াই শুনাই ডাঙৰ কৰিলে এটা সময়ত তাই কিবা প্ৰকাৰে চাকৰি এটা যোগাৰ কৰি মাকৰ ইমান দিনৰ কষ্ট শেষ কৰিলে  এতিয়া তাই মাকৰ সপোন বোৰ পূৰণ কৰিছে এটা এটা কৈ লগতে নিজৰ।
অফিচৰ পৰা অণিমাৰ ঘৰৰ দূৰত্ব পাঁচ কিলোমিটাৰ মান হব। ঘৰৰ কাষৰে সমন্ধীয় দাদা ক্ষীৰোদে তাইক সদায় অনা নিয়া কৰে তাৰ গাড়ীৰে।ইয়াৰ বাবদ  মাহৰ মূৰত সামান্য কিবা এটা লয় ।সি আজি নাই যাওঁতে আছিল কিন্তু ব্যক্তিগত কাৰণত অন্য কৰবাত গল সি। সিফালে তাইৰ ঘৰৰ ফালে অহা গাড়ীৰ আজি ধৰিব নোৱাৰিলে সাধাৰণতে তাইৰ ঘৰৰ ফালে অহা গাড়ী বোৰ আন্ধাৰ নমাৰ আগে আগেই  আঁতৰি যায় সেয়ে  সিহঁতৰ ফালৰ মানুহৰ বাবে পালন হোৱা মানে ই বিৰাট চিন্তাই আগুৰি ধৰে।
তাইৰ আজি ভাগ্য ভাল আছিল চিনাকি মানুহ এজনক লগ পাইছিল তেওঁৰ  যত যাব তাৰ পৰা দুই কিলোমিটাৰ আঁতৰত হে অণিমা ৰ ঘৰ  তথাপি অন্য উপায় নেদেখি তেওঁৰ লগতে অহাটো ঠিক কৰিলে দুই কিলোমিটাৰ বাট কিবা প্ৰকাৰে যাব তাই।
কিছু দূৰ গলেই, প্ৰায় আধা কিলোমিটাৰ মান  অহাৰ পাছত পালে তিনি আলি টো লগে লগে  মনত তাই শান্তি পালে লগতে ইমান সময়ে মনত লাগি থকা ভয় ভৱটো ও অলপ আঁতৰি যোৱা যেন পালে তাই কাৰণ আৰু বেছি দূৰ নাই ঘৰলৈ লগতে  আৰু অলপ গলেই চিনাকি মানুহ বোৰৰ পদূলি বোৰ পাম ।
কত যোৱা ভন্টি,,  তিনি আলি টো পাৰ হৈ শেষ  হব সময়ত কাৰোবাৰ মাত তাই উচপ খাই গল ভয়ে ভয়ে ঘূৰি চাই তাই দেখিলে  সিহঁতৰ গাঁৱৰ কাষৰ গাঁওৰ খনৰ মানুহ এইজন। চিনি পায় দুই এবাৰ সিহঁতৰ গাঁৱত তাই তেঁওক দেখিছে  কোনো দিন কথা পতা নাই কিন্তু  অলপ চিনাকি বুলিয়েই কব পাৰি।
দাদা আপুনি, হয় মই কত যোৱা তুমি?  মই ঘৰলৈ যাওঁ দাদা অহ ইমান দেৰি আজি !হয় দাদা  আজি অলপ দেৰি হল! আপুনি কেনি যায় দাদা। মই ইয়ালৈ আহিছিলো কাম এটাত এতিয়া ঘৰলৈ যাওঁ।তুমি মোৰ লগতে যাব পাৰিবা আহা যাওঁ।
মনটো গৈছিল কিন্তু মনক দমন কৰি  তাই চিধাই নাযাও বুলি কৈ দিলে কাৰণ বৰ এটা ভাল নেদেখিলে তাই। মানুহ জনে জোৰ কৰিলে  ৰাতি খন তুমি অকলে কত যোৱা  মোৰ লগত বলা কিবা এটা হৈ যাব পাৰে দিন কাল বেয়া আৰু বহুতো কিবা কিবি কলে শেষত তাই মান্তি হ’ল যাবলৈ।
গোটেই নিশা গুচি গল অণিমাৰ বাট আছিল তেতিয়া ঘৰলৈ বুলি খুব বেছি আধা ঘণ্টা কিন্তু তাই ঘৰ গৈ পোৱাই নাই বেলি ওলোৱা লৈ । ঘৰৰ মানুহৰ মাজত লাগি গল লগে লগে হাহাকাৰ এফালে ফোন অফ এফালে, ছোৱালী জনী নাই,, বহু সময় বিচাৰি সন্ধান নাপায় পুলিচক খবৰ দিয়া হল পুলিচে ও বহু সময় বিচাৰি উলিয়াব  পৰা নাই তাইক দিনটো গৈ আকৌ ৰাতি হল। সময় তেতিয়া ঠিক সাত বাজিছে এজন লৰাই দৌৰি আহিছে …. ছাৰ ছাৰ….কালি ৰাতি  মই বাটে দি আহি থাকোঁতে কোনোবা মাইকী মানুহৰ চিঞৰ শুনিব পাইছিলো আৰু এতিয়া সেই বাটেৰে আহিছিল তাত এজনী মাইকী মানুহ মৰি আছে।।
কি? কত? কোন বাট? হঠাৎ সি যেন কথাৰে থানা খনত জুই লগাই দিলে  থানা খনৰ প্ৰতিজন পুলিচ  পলম নকৰি  ঠাই খনলৈ ৰাওনা হল তাক লৈ, গৈ পাই দেখিলে এজনী ছোৱালী ঘন বাঁহনি খনৰ পাৰি আছে ভালকৈ পোহৰ মাৰি  মুখ চাই বুজিব  বাকী নাথাকিল দিনটো বিচাৰি থকা অণিমা চৌধুৰীৰ মৃতদেহ। আৰু শেষত গম পোৱা গল তাইক ধৰ্ষণ কৰি হত্যা কৰা হল।