আত্ম-বিশ্বাস – আয়নাল হক

Pc Blog- IRIS Connect
আত্ম-বিশ্বাস
আয়নাল হক ,ধুবুৰী 
জীৱনত সফলতা প্ৰাপ্তিৰ
মূল চাবি হ’ল আত্ম-বিশ্বাস ।
হ’ব নে নহ’ব
পাম নে নাপাম
এনে দোমোজাত আগবাঢ়িলে
সফলতা অনিশ্চিত হৈ পৰে।
নিজৰ ওপৰত বিশ্বাস নাথাকিলে
লক্ষ্যত উপনীত হ’ব নোৱাৰি সহজে।
সমস্যা-বহুল জীৱন যাত্ৰাত
আত্ম-বিশ্বাসেই হ’ল প্ৰকৃত সাৰথি।
মসৃণতো নহয় জীৱনৰ পথ!
ওখোৰা-মোখোৰা বাটবোৰ অতিক্ৰম কৰা হয়
ছাঁ-পোহৰৰ মাজেৰে।
সংঘাতেই জানো উন্মোচিত নকৰে
জীৱনৰ নতুন দিগন্ত ?
হাঁহি-কান্দোন, পোৱা-নোপোৱা
সহচৰী জীৱন বাটৰ!
সংগ্ৰামত জয়ী হ’বলৈ
আত্ম-বিশ্বাস থাকিব লাগিব।
মনোবল নিৰ্ভৰ কৰে
আত্ম-বিশ্বাসৰ ওপৰতে,
আত্ম-বিশ্বাসেই হ’ল–
সাহস আৰু কৰ্ম-প্ৰেৰণা ,
আত্ম-বিশ্বাস নাথাকিলে
নাহে জীৱনৰ পূৰ্ণতা
নাহে জীৱনৰ সফলতা–
থাকে মাথোঁ উদ্বিগ্নতা…।