চতুৰ পুত্ৰ- স্বৰগম কিশোৰ শৰ্মা তিতাবৰ টাউন স্কুল শ্ৰেণী — সপ্তম(সংগৃহীত)

pc-pixabay

চতুৰ পুত্ৰ

এখন গাঁৱত এজন বৃদ্ধই তেওঁৰ পুত্ৰ সদানন্দ, বোৱাৰী আৰু নাতিৰ লগত বাস কৰিছিল | এবাৰ তেওঁৰ খুব টান নৰিয়াত পৰিল আৰু ভাল হোৱাৰ কোনো লক্ষণেই দেখা নগ’ল | তাৰবাবে তেওঁ পুতেক – বোৱাৰীয়েকৰ বোজা সদৃশ হৈ পৰিল | এদিন সদানন্দক তেওঁৰ পত্নীয়ে ক’লে -তোমাৰ দেউতাৰাৰ বেমাৰ আৰু ভাল নহয় ,এনেদৰে আৰু কিমান শুশ্ৰূষা কৰি থাকিম | সদানন্দই ক’লে যেতিয়ালৈকে ভাল নহয় …… তেতিয়ালৈকে| তাকে শুনি তেওঁ ক’লে মই আৰু নোৱাৰো তাতকৈ আমি কাম এটাকে কৰিব পাৰো বুলি সদানন্দৰ কাণে কাণে যিখিনি ক’লে তাক শুনি সদানন্দ আচৰিত হ’ল | তথাপিও তেওঁ পত্নীৰ কথামতেই কামটো কৰিবলৈ সাজু হ’ল | সদানন্দৰ পত্নীৰ মতে – বৃদ্ধ পিতৃ যিহেতু নিজেই নমৰেই , গতিকে পিতৃক ৰাতিৰ ভিতৰতে জঙ্ঘললৈ নি গাঁত এটাত কিছুসময় পুতি থৈ মৰাৰ পিছত পুনৰ গাঁতৰ পৰা উলিয়াই ঘৰলৈ আনি মৰিলে বুলি শটো পুৰিলেই হ’ৱ| গাঁৱৰ মানুহক দেউতাৰ কথা এনেদৰেই ক’লেই হ’ল যে -আমি তেওঁক চহৰলৈ চিকিতসাৰ বাবে নিওঁতে ৰাস্তাতে ঢুকাল | নিশা সদানন্দই পিতৃক নিবলৈ যো জা কৰোতেই শুই থকা পুত্ৰ ৰাজুৱে সাৰ পালে আৰু ককাকৰ লগত সিওঁ চহৰলৈ যাবলৈ ওলাল | কাৰণ সি ককাকক খুব ভাল পাইছিল |ৰাজুক লৈ সদানন্দ বৰ বিপাঙত পৰিল | কাৰণ ৰাজু তেতিয়া সাত / আঠ বছৰীযা শিশু| সি সকলো কথা বুজি পাই আৰু আনে সুধিলে সকলো কথাই কৈ দিব| সেয়ে ৰাজুক বুজাই ককাৰ লগত নাযাবলৈ ক’লে | কিন্তু ৰাজুক সন্মত কৰাব নোৱাৰি লগত নিবলৈকে বাধ্য হ’ল | তেওঁলোক গৈ গৈ এখন গভীৰ অৰণ্যৰ মাজত গাড়ীখন ৰখাই সদানন্দই ৰাজুক ককাকৰ লগত থৈ কোৰ খন লৈ অৰণ্যৰ মাজত এটা বৃহত গাঁত খান্দিলে | ইফালে দেউতাকে হাতত কোৰ লৈ যোৱা দেখি ৰাজুৱেও মনে মনে গৈ কি কৰে চাবলৈ ধৰিলে | গাঁত খান্দি সদানন্দই ইফালে সিফালে চাওঁতে ৰাজুক দেখি আচৰিত হ’ল | ৰাজুৱে দেউতাকক এই গাঁতটো কিয় খান্দিছে সোধাত সদানন্দই সঁচা কথাটোকে ক’লে |তেতিয়া ৰাজুৱে ক’লে – এতিয়া কোৰখন মোক দিয়া আৰু মই এনেকুৱা দুটা গাঁত খান্দো | ৰাজুৰ কথা শুনি সদানন্দই সুধিলে – কিয় তুমি দুটা গাঁত খান্দিব লাগে ? —— কিয় ? তোমাৰ দেউতাৰা বেমাৰী আৰু বুঢ়া হোৱাৰ কাৰণে যিদৰে তেওঁক গাঁতত পুতি মাৰিবলৈ আহিছা , ঠিক তেনেদৰে তোমালোক যেতিয়া বুঢ়া আৰু বেমাৰী হ’লে ময়ো এনেকৈ তোমালোকক পুতি উশাহ – নিশাহ বন্ধ কৰিব লাগিব নহয় ! সেয়ে পলম নকৰি মই এতিয়াই গাঁত দুটা খান্দি থৈ দিওঁ | তেতিয়াহে সদানন্দই বুজি পালে যে – তেওঁ কিমান নীচ আৰু ঘৃণনীয় কাম কৰিবলৈ ওলাইছিল | ৰাজুৰ কথাত তেওঁৰ চকু মেল খালে | দেউতাকক ঘৰলৈ ওভতাই আনি চিকিতসা কৰিলে | তাকে দেখি ৰাজুৱে ককাকৰ চকুলৈ চাই মিচিকিয়াই হাঁহি সুখেৰে জীৱন – যাপন কৰিবলৈ ধৰিলে |নিজৰ ভুল বুজিব পাৰি ৰাজু আৰু নিজ পিতৃৰ ওচৰত ক্ষমা খুজিলে |

সংগৃহীত-স্বৰগম কিশোৰ শৰ্মা তিতাবৰ টাউন স্কুল শ্ৰেণী — সপ্তম