অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা– ২৪-১২-২০২৩ তাৰিখ দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসমৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰঞ্জনজ্যোতি শৰ্মা বৰদলৈ, সভাপতি হিমাংশু পাঠক, মুখ্য সম্পাদক দেবর্ষি গৌতম, কাৰ্যকৰী সভাপতি প্ৰসন্ন কুমাৰ বৰা প্ৰমুখ্যে কাৰ্যকৰী সদস্য ক্ৰমে ৰঞ্জনা পাঠক, মৌচুমী ভট্টাচাৰ্য, দ্বীপলু শৰ্মা, সুৰেন্দ্ৰ মোহন দাস, মুনমী স্নিগ্ধা গুঞ্জন সমণ্ডিতে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সকল উপস্থিতি থাকে। উক্ত কাৰ্যনিৰ্বাহক সভাখনত অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ বাবে অতি গুৰুত্বপূৰ্ণ সভা আছিল। এই কাৰ্যনিৰ্বাহক সভাখনত কাৰ্যনিৰ্বাহক সদস্যসকলৰ সৰ্বসন্মত সিদ্ধান্তমৰ্মে এখন কৰ্ণধাৰ সমিতি গঠন কৰা হয়। ৰঞ্জনজ্যোতি শৰ্মা বৰদলৈক সভাপতি হিচাপে লৈ গঠন কৰা এই কৰ্ণধাৰ সমিতিৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে দেবর্ষি গৌতমক, কাৰ্যকৰী সভাপতি হিচাপে হিমাংশু পাঠকক, সহ: সম্পাদিকা হিচাপে মৌচুমী ভট্টাচাৰ্য আৰু ৰঞ্জনা পাঠকক, সাহিত্য আৰু সংস্কৃতিক বিভাগৰ মুখ্য আহ্বায়ক হিচাপে প্ৰসন্ন কুমাৰ বৰাক, কোষাধক্ষ্য কামলজিৎ কলিতাক, কাৰ্যকৰী সদস্য সুৰেন্দ্ৰ মোহন দাস, ভাস্কৰ প্ৰিয়ম হাজৰিকা, দীপলু শৰ্মা, মুনমী স্নিগ্ধা গুঞ্জনক দায়িত্ব অৰ্পণ কৰে। ইয়াৰ উপৰিও এই সভাখনত অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসমৰ কেন্দ্ৰীয় সমিতিৰ ভৱিষ্যতৰ কাৰ্যাপন্থাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰাৰ ওপৰিও বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান কেন্দ্ৰীয় ভাবে পৰিচালনা হৈ থকা অনুষ্ঠানটো যাতে ভৱিষ্যৰ দিনবোৰত সুকলমে পৰিচালনা কৰিব পৰা হয় তাৰ বাবে জিলা সমিতি গঠন কৰা আৰু সদস্য ভৰ্তিৰ ক্ষেত্ৰতো কিছু সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইতিমধ্যে কাৰ্যনিৰ্বাহক সভাখন সুকলমে আৰু সফলভাবে অনুষ্ঠিত হোৱা বুলি কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক দেবর্ষি গৌতম আৰু সভাপতি হিমাংশু পাঠকে জানিবলৈ দিছে।