নীলা খামৰ চিঠি – কাজি শ্বাহাদত ইছলাম

PC - iStock
নীলা খামৰ চিঠি
কাজি শ্বাহাদত ইছলাম
মৰমৰ কাজলপ্ৰিয়া ,
পোন প্ৰথমতে মোৰ চালাম ল’বা । আশা কৰোঁ ভালে আছা নিশ্চয় । লগতে এতিয়াও সুকলমে আছে নিশ্চয় তোমাৰ সেই খং , জেদ , অভিমানবোৰো । নাথাকিবইনো বা কিয় , সেইবোৰেইতো তোমাৰ বাবে অক্সিজেন ! তুমি ক’ত আছা নাজানো কিন্তু য’তেই আছা অপৰিসীম সুখে আৱৰি ৰাখক তোমাক । তুমি ঠিকেই কৈছিলা যে “সময়ৰ গতিত মানুহে বিষাক্ত নাইবা সুমধুৰ অতীতক পাহৰি যায় ।” আজি তেনেদৰে তুমিও পাহৰিছা মোক । কিন্তু আচৰিত কথাটো কি জানা ? মই আজিলৈকে একোকেই পাহৰিব পৰা নাই । তেতিয়াৰ এটি এটি মুহূৰ্তক মোৰ অন্তৰত সজীৱ কৰি ৰাখিছোঁ মই । মন গ’লেই চকু মুদি তোমাৰ দৰ্শন কৰোঁ । মই বহুত স্পষ্টকৈ দেখা পাওঁ কিদৰে শুভ্ৰ হিমত উদং শৰীৰে শুই ডাৱৰত দুচকুৰে তোমাৰ ছবি আঁকিছিলো , তোমাক আৱিষ্কাৰ কৰিছিলোঁ শুভ্ৰ পাহাৰবোৰৰ ভাঁজে ভাঁজে , অৰুণাভৰ সু-দৃষ্টিৰ প্ৰতীক্ষাত আমি যৌথ আৱেদন কৰিছিলোঁ । মই এতিয়াও ৰোমাঞ্চিত হওঁ সন্ধিয়া বিদ্যুতৰ লুকাভাকু খেলৰ কথাবোৰ ভাবি ভাবি জানা !
মই আকৌ বিচাৰোঁ সেই পলবোৰ । আকৌ আপেল গছত হালি থাকিব বিচাৰোঁ । আকৌ বিচাৰোঁ এটি দুৰ্বল ম’বাইল ফোন । আকৌ বিচাৰোঁ এযোৰ অদ্ভুত জোতা , এটি লং জেকেট । প্ৰয়োজন মোৰ আকৌ নিৰস ৰুটি আৰু দুৰ্গন্ধময় জুইৰ উত্তাপ । মোৰ স্মৃতিগৰ্ভত তোমাৰ মৃত্যু মোৰ বাবে অকাম্য ।
মৰমৰ কাজলপ্ৰিয়া, তোমাৰ লগত কটোৱা সময়বোৰৰ কথা ভাবি ভাবি মই উন্মাদ হৈ পৰোঁ । মোক শিকাই দিয়া না মানুহ হৈ মানুহক কিদৰে পাহৰিব পৰা যায় ! মোক শিকাই দিয়া না শ্বাস-প্ৰশ্বাসৰ গোলামীৰ পৰা নিজকে কিদৰে মুক্ত কৰিব পৰা যায় ! তুমি কিয় আহিছিলা ধুমকেতু হৈ মোৰ জীৱনলৈ কোৱানা কাজলপ্ৰিয়া, কোৱা না ! এই যান্ত্ৰণাৰ পৰিসমাপ্তিৰ ৰেখাডাল আৰু কিমান দূৰ মই নাজানো কাজলপ্ৰিয়া ! জানানে কাজলপ্ৰিয়া ! তোমাৰ স্মৃতিবোৰে কেতিয়াবা কীট হৈ কামোৰে , ৰছী হৈ ডিঙি চেপি ধৰে । নাজানো আৰু কিমান দিন নিগৰাব লাগিব ৰক্তাশ্ৰু !হে কাজলপ্ৰিয়া ! নাজানো আৱেগিক হৈ মুখেৰে কি কি বলকিলোঁ । মোক ক্ষমা কৰিবা । মই হয়তো তোমাৰ বৰ্তমানৰ ঠিকনা আৰু ফোন নাম্বাৰ নাজানো কিন্তু তুমিতো মোৰ সকলো জানা । প্লিজ ফোন এটি কৰিবা না !
মই প্ৰতিটো মুহূৰ্ততেই তোমাৰ এটি ফোন কলৰ অপেক্ষা কৰোঁ । কিমান নাম্বাৰৰ পৰা যে ফোন কলবোৰ আহে কিন্তু তোমাৰ এটি ফোন কল আজিলৈকে নাপালোঁ । ৰং নাম্বাৰৰ পৰা কল আহিলে এক খাই উঠোঁ তোমাৰ কল বুলি ! কিন্তু নাই মই সদায় ভুল প্ৰমাণিত হওঁ । ঐ ! কমচেকম এবাৰ মোৰ ভুল ভাঙিবলৈ হ’লেও কল এটি কৰিবা‌ না ! মই তোমাক বহুত মিছ কৰিছোঁ জানা ! সদৌ শেষত মই কোৱা কথাবোৰত যদি মনত কিবা আঘাত পাইছা মোক ক্ষমা কৰিবা । মোৰ অপেক্ষাৰ বাট যিমানেই দীঘলীয়া নহওক কিয় মই অপেক্ষা কৰিয়েই যাম । ভালে থাকা কাজলপ্ৰিয়া । অনাগত জীৱনত তোমাক কাষৰত পোৱাৰ আশাৰে –
                                            ইতি
                                   তোমাৰ পাগলু