কাঁচিয়লি ৰ’দৰ উম – আয়নাল হক

কাঁচিয়লি ৰ’দৰ উম
আয়নাল হক, ধুবুৰী
এটি কুঁৱলী পুৱা
শীতাৰ্ত ৰাতিৰ স্বাক্ষৰেৰে
গছ-লতিকা নীৰৱে আছে
শুভ্ৰ চাদৰেৰে দেহ ঢাকি ।
মনিব নোৱাৰা পথটো
ওচৰ পালেহে হয় চিনাকি,
কপাহী কোমল পৰশত
অনুভৱ হয় মৃদু কম্পন…!
লাহে লাহে
বগা আচ্ছাদন ভেদি
ৰক্তাক্ত বেলিৰ আত্ম-প্ৰকাশ
পূবৰ আকাশ উজ্বলি।
হিম-সিক্ত দেহত
কাঁচিয়লি ৰ’দৰ উমাল আমেজ !
ভাঙি গ’ল দেহৰ জঠৰতা
পুনৰ কৰ্মক্ষম হ’বলৈ দিয়ে প্ৰেৰণা
কুঁৱলী-মুক্ত পথাৰখনেও
মাৰিলে সোণালী হাঁহি…।