তিতাবৰ ৰঙাজান চাওদাং গাঁৱত অৱস্থিত দেওঘৰ – ৰাজলক্ষ্মী বৰঠাকুৰ

তিতাবৰ ৰঙাজান চাওদাং গাঁৱত অৱস্থিত দেওঘৰ

ৰাজলক্ষ্মী বৰঠাকুৰ

আহোম ৰজাসকলৰ ৰাজত্ব কালত অসমৰ বিভিন্ন স্থানত বহুতো দৌল -দেৱালয় স্থাপন হৈছিল । আহোম ৰজাসকলে প্ৰতিষ্ঠা কৰা দৌল -দেৱালয়ৰ ভিতৰত তিতাবৰৰ ৰঙাজানত থকা দেওঘৰ অন্যতম । যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ ৰঙাজান চাওদাং গাঁৱত এই দেওঘৰ অবস্থিত। আহোম ৰজাসকলৰ পূজা সেৱাৰ প্ৰতি অপাৰ বিশ্বাস আছিল। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত ১৭৮৯ চনত এই দেওঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাট লৈ তুলি আনিছিল ।ৰাজধানী যোৰহাট লৈ অনাৰ পিছত এবাৰ তেওঁ হাতীত উঠি বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। এনেদৰে ফুৰি থাকোতে স্বৰ্গদেউ গৌৰীনাথ সিংহ হঠাৎ অসুস্থ হৈ পৰিছিল ।অসুস্থ স্বৰ্গদেউৱে বৰ্তমান দেওঘৰ থকা ঠাইতে জিৰণি লৈছিল।ৰজাৰ আৰোগ্যৰ কাৰণে স্বৰ্গদেউৰ লগত যোৱা দেউসকলে বলি বিধান দিছিল আৰু কবিৰাজে বিভিন্ন ধৰণৰ দৰব দিছিল আৰু মঙ্গল চোৱা লোক সকলে মঙ্গল চাইছিল। অবশেষত স্বৰ্গদেউ এই স্থানতে আৰোগ্য হৈ উঠিছিল। আৰোগ্য হোৱাৰ পিছত তেওঁ আগলৈ চিন হিচাপে ৰাখিবৰ বাবে এই স্থানতে দেওঘৰ প্ৰতিষ্ঠা কৰে। এই দেওঘৰ চোৱা চিতা কৰিবৰ কাৰণে স্বৰ্গদেউৱে স্হানীয় লোক সকলক দায়িত্ব দিছিল। তেতিয়াৰ পৰা এই দেওঘৰত পূজা অৰ্চনা চলি আহিছে।ইয়াৰ নিয়ম অনুসৰি আহোম ৰজাসকলৰ দিনত আহোমৰ ৰীতি-নীতিৰে বলি বিধানেৰে তেত্ৰিছ কৌটি দেৱতাৰ পূজা অৰ্চনা কৰা হৈছিল। আহোম ৰাজত্বৰ অন্তপৰাৰ পাছত ষাঠিৰ দশকত বলি বিধান উঠাই দিয়া হয়।ইয়াত আগতে দুভাগ পূজা হৈছিল এভাগ বলি বিধান পূজা আৰু এভাগ পানী তোলা সবাহ।এই দেওঘৰৰ বিশেষত্ব এই যে ইয়াৰ পূৰ্ব দিশত ভগৱান বিষ্ণুৰ দশ অৱতাৰ কুৰ্ম অৱতাৰ ভাগি মৃতিৰে নিৰ্মিত অৱস্থাত আছে । অতিতৰ পৰা এই কুৰ্ম ভাগ ইয়াতে বিৰাজ মান। পূৰ্বতে এই কুৰ্ম ভাগ জীৱিত অৱস্থাত আছিল বুলি জনা যায়। বৰ্তমান ইয়াতেই শৰাই বন্তি দি ভগৱানৰ ওচৰত প্ৰাথনা জনোৱা হয়।ইয়াত কোনো আসন প্ৰতিষ্ঠা নাই। এই দেওঘৰৰ মহিমা‌ অপাৰ । ৰাইজে যি আশাৰে শৰাই বন্তি আগবঢ়ায় সেই ভাবেই তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি এক বিশ্বাস জৰিয়ত হৈ আছে। প্ৰতি বৃহস্পতি বাৰে এই দেওঘৰ খোলা থাকে । ৰাইজৰ সুবিধাৰ বাবে বৰ্তমান ভাদ মাহৰ পৰা দেওবাৰেও দেওঘৰ খোলা ৰখা হৈছে আৰু ভাদ মাহত প্ৰতিদিনে খোলা থাকে।জানিব পৰা মতে ব্ৰিটিছৰ শাসন কাল চোৱাত এই দেওঘৰৰ কাষেদি এটা ৰেল লাইন গৈছিল সেই ৰেল লাইনেদি চাহপাত অনা নিয়া কৰোতে দেওঘৰৰ সমীপত ব্ৰিটিছ সকল যথেষ্ট সমস্যাৰ সন্মুখিন হৈছিল ।কথিত আছে যে ৰেলৰ গতি বেগ আপোনা আপুনি কমি গৈছিল ৰেলৰ ইঞ্জিন ,দবা এৰি গৈছিল । বহু সময়ত ৰেল বাগৰি পৰিছিল অনেক বাধাৰ সন্মুখিন হোৱা ব্ৰিটিছ চাহাব সকলে তেওঁলোকৰ চিপাহিৰ দ্বাৰা দেওঘৰ চৌহদত গুলি বৰ্ষণ কৰাইছিল। তথাপিও বাধা আঁতৰ নোহোৱাত দেওঘৰৰ লগত জৰিত বয়োজেষ্ঠ লোক সকলক লগ ধৰি আলোচনা কৰি পূজা অৰ্চনা আগবঢ়োৱাত ব্ৰিটিছ সকলৰ সমস্যাৰ সমাধান হৈছিল বুলি জানিব পৰা গৈছে ।