সেউজ আৰু প্ৰদূষণ মুক্ত অসম গঢ়াত আমাৰ ভূমিকা
শংকুৰ সোণোৱাল
ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যি কেইখন ৰাজ্য আছে, তাৰ ভিতৰত অসম অন্যতম। কোনোবিধ প্ৰাকৃতিক সম্পদেই এই ৰাজ্যত নোহোৱা নহয়। কিন্তু বৰ্তমান ইয়াৰ ব্যতিক্ৰম দেখা গৈছে। বৰ্তমানৰ যুগ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশে মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড অত্যধিক উন্নতিৰ পথে আগুৱাই যোৱাত সহায় কৰিছে। জীৱন-ধাৰণৰ মানদণ্ড উন্নতি হোৱাৰ হেতুকে মানুহে বিভিন্ন সময়ত গছ-গছনি কাটি তাতেই ঘৰ-দুৱাৰ বনাই বসবাস কৰিছে। যাৰ ফলত প্ৰকৃতিত প্ৰত্যক্ষভাৱে ইয়াৰ প্ৰভাৱ পৰিছে। প্ৰকৃতি ৰাজ্যখন ধ্বংসৰ লগে-লগে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে।সেয়েহে প্ৰকৃতিখন সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ।
* পৰিৱেশ বিনষ্ট কৰা কাৰক সমূহ :- পৰিৱেশখন বিনষ্ট কৰাৰ বহুতো কাৰক আছে। কিন্তু, প্ৰকৃতিখন বিনষ্ট কৰাৰ প্ৰধান ভূমিকা লৈছে মানুহে। মানুহে নিজেই নিজৰ প্ৰকৃতিখন ধ্বংস কৰিছে। বৰ্তমান সময়ত অসমত বহু পৰিমাণে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান অসমত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ অবৈধভাৱে সীমা পাৰ কৰি অহা বাংলাদেশীয়ে অস্থায়ীভাৱে অসমত জনসংখ্যা বৃদ্ধি কৰিছে। যাৰ ফলত থাকিবলৈ ঠাইৰ অভাৱত গছ-গছনিকে কাটি বসতিস্থলৰ সুবিধা কৰিছে।
বৰ্তমান অসমত বহুতো উদ্যোগ প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱাই মানুহৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। যাৰ ফলত মানুহৰ বিভিন্ন ৰোগে দেখা দিব।
গছ-গছনি ধ্বংস কৰাৰ ফলত বহুতো মূল্যবান জীৱ-জন্তু লোপ পাবলৈ ধৰিছে। যদিও বৰ্তমান অসম চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন উদ্যানসমূহ যেনে মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঢ় তুলিছে।
বননি ধ্বংস কাৰ্যই গোলকীয় উষ্ণতা বৃদ্ধি কৰিব। আগতে অসমত গ্ৰীষ্ম কালত 29 ডিগ্ৰীৰ পৰা 33 ডিগ্ৰী চেলচিয়াছ লৈ বাঢ়িছিল । কিন্তু বৰ্তমান সময়ত গ্ৰীষ্ম কালত উত্তাপৰ পৰিমাণ বহুগুণে বৃদ্ধি পাবলৈ ধৰিছিল বুলি কব পাৰি। এতিয়া আৰু আগৰ গৰম দিনৰ মাজত বহুত পাৰ্থক্য পৰিলক্ষিত হয়। এতিয়া গৰম দিনত অসমত মুঠ উত্তাপৰ পৰিমাণ 34 ডিগ্ৰীৰ পৰা 40-42 ডিগ্ৰী চেলচিয়াচ লৈ বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে প্ৰকৃতি বিষয়ক সমস্যাবোৰ সমাধানৰ প্ৰশ্ন উঠি পৰিছে। যদি উচিত ব্যৱস্থা লোৱা নাযায় তেনেহ’লে প্ৰাকৃতিক সম্পদত চহকী আমাৰ অসমখন সম্পূৰ্ণ ৰূপে ধ্বংসৰ পথলৈ আগবাঢ়ি যাবলৈ ধৰিব।
* চৰকাৰী নীতি গ্ৰহণ আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকা:- বর্তমান সময়ত অসম চৰকাৰে পৰিৱেশ বিষয়ক সমস্যাক লৈ বিভিন্ন চৰকাৰী আঁচনি প্ৰস্তুত কৰিছে। কিছু ক্ষেত্ৰত এনে আঁচনি কাৰ্যকৰী হ’ব পৰা নাই যদিও বহু দিশত এনে আঁচনিয়ে উচিত ফল লাভ কৰিবলৈ সক্ষম হৈছে।
বৰ্তমান চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলক পৰিবেশত সৃষ্টি হোৱা সমস্যাৰ লগতে ইয়াৰ পৰিৱর্তন আৰু কাৰণ সমূহ জানিবৰ বাবে পাঠ্যক্ৰমত পৰিৱেশ বিষয়ক কিতাপৰ ব্যৱস্থা কৰিছে। যাৰ ফলত বৰ্তমান ছাত্র-ছাত্ৰী পৰিবেশ বিষয়ক সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়ি আহিছে আৰু আনকো আগবাঢ়ি আহিবলৈ অগ্ৰণী ভূমিকা পালন কৰিছে।
বৰ্তমানৰ বহু ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল অৰ্থনৈতিকভাৱে পিছপৰা ,যাৰ ফলত তেওঁলোকৰ মনত দুঃচিন্তাৰে ভাৰাক্ৰান্ত হৈ আছে। তেওঁলোকক প্ৰথমতে অৰ্থনৈতিকভাৱে সবল কৰি পৰিৱেশ বিষয়ক সজাগতা আনিব পৰা যাব। পৰিৱেশ আমাৰ বাবে ভৱিষ্যত প্ৰজন্মৰ চিন্তাৰ কাৰণ। আমি পৰিৱেশ এক অংশ । পৰিৱেশ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। যদি আমি আজি আমাৰ পৰিৱেশখনক ধ্বংস কৰোঁ, গতিকে কাইলৈ আমি আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াৰ ফল ভুগিব লাগিব।
বৰ্তমান আমাৰ অসমখনক সেউজীয়া কৰি তোলাৰ চেষ্টা আমি কৰিব লাগিব লগতে ছাত্ৰ-ছাত্ৰীসকলে এক অগ্ৰণী ভূমিকা পালন কৰিব লাগিব । গতিকে আমি আমাৰ মনটোক সংশোধন কৰিব লাগিব। সমাজত থকা বিভিন্ন প্ৰকৃতি বিৰোধী কাৰ্যৱলী, নেতিবাচক চিন্তাধাৰা, এলেহুৱা মানসিকতা, সস্তীয়া বিলাসিতা আদি দূৰ কৰিব পাৰিলেহে আমি আমাৰ অসমখনক এক সুস্থ অসম অৰ্থাৎ সুস্থ অসম মানেই এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰো।
বৰ্তমান সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উদ্যোগত গঢ়ি উঠা ‘স্বচ্ছ ভাৰত অভিযান’ এই পদক্ষেপৰ ফলত সমগ্ৰ ভাৰততে স্বচ্ছতাৰ এক দিশ মুকলি কৰি দিয়া হৈছে। আমাৰ চৌহদখন একক প্ৰচেষ্টাৰে কেতিয়াও শুধৰাব নোৱাৰি সমাজৰ সমূহীয়া প্ৰচেষ্টাৰ দৰকাৰ। সেয়েহে বহুলোকে নিজৰ চৌহদ পৰিষ্কাৰৰ ক্ষেত্ৰত সমূহীয়া প্ৰচেষ্টা চলাইছে।
#পৰিবেশ সমস্যা সমাধানৰ কিছু পদক্ষেপ গ্ৰহণ :- বৰ্তমান অসমত বিভিন্ন প্ৰদূষণজনিত সমস্যাৰে জৰ্জড়িত হৈছে। সেয়েহে এনে প্ৰদূষণজনিত সমস্যা সমাধানৰ কিছু পদক্ষেপ তলত দিয়া ধৰণে গ্ৰহণ কৰিব পাৰি—
(১) ব্যক্তিগত আৰু ৰাজহুৱাভাৱে বৃক্ষৰোপণৰ দ্বাৰা বনানীকৰণ প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব পাৰি ।
(২) গাড়ী-মটৰৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধ কৰিবলৈ সেইবোৰত উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণৰ ব্যৱস্থা হাতত ল’ব লাগিব।
(৩) নলা- নৰ্দমা পৰিষ্কাৰ কৰি ৰখা আৰু তাত প্লাষ্টিক,অন্যান্য জাৱৰ-জোঁথৰ পেলোৱা নিষেধ কৰিব লাগিব।
(৪) পাহাৰ-পৰ্বত অবৈধ ভূমি খনন কাৰ্যত বৃক্ষ ৰোপণ কৰা প্ৰয়োজনীয়তা আছে।
(৫) স্কুল-কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানবোৰত পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা ল’ৰা-ছোৱালীক (নৱ প্ৰজন্ম) এই বিষয়ত সচেতন কৰি তুলিব লাগিব।
আমি ক’ব পাৰো যে,চৰকাৰৰ লগতে আমি আমাৰ পৰিৱেশ খনক সেউজীয়া আৰু প্ৰদূষণ মুক্ত কৰি তোলাত অগ্ৰণী ভূমিকা পালন কৰিব লাগে। এখন সুস্থ সমাজ গঢ়ি উঠে সদায় এক সুস্থ পৰিৱেশৰ দ্বাৰা। গতিকে, এখন সুস্থ সমাজ গঢ়াৰ আগতে আমি আমাৰ পৰিৱেশ খনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগিব।