আই – শুৱলা দাস

PC - Shutterstock

আই

শুৱলা দাস
যোৰহাট

মোৰ সমস্ত ভাগৰ বুজিব পৰা,
মোৰ সমস্ত ভাৰ নিজে
বহন কৰিব খোজা,
নিজে নাখায়ো
মোকে খুৱাই উদৰ পূৰাই
প্ৰশান্তি লাভ কৰা;
নিৰলস  অক্লান্ত ভাৱে
মোৰ বাবে কাম কৰা,
কাম কৰি কৰিও ভাগৰি নপৰা
মৰম -আদৰ  কৰি কৰি
শেষ নকৰা,
কোনো প্ৰতিদান অথবা কৃতজ্ঞতাও নিবিচৰা,
মোৰ সমস্ত দোষকে মাৰ্জনা কৰা
ব্ৰহ্মাণ্ডৰ সৰলৰো সৰল নিভাঁজ
মৰম থকা,
এয়া মোৰ মা!
মোকে বুকুৰ পুষ্টি পাণ কৰাই
কলা কলাকৈ মোকে গঢ়ি,
পলে -পলে নিজে শকতিহীন হৈ পৰা
সেয়া কোন?
এয়া মোৰ আই!!
পোহৰৰ নিচিনা
সঁচা  আৰু নিকা
মৰম কাৰ ?
এয়াই মোৰ আইৰ।