মৌখিক জ্ঞান যদি নহয় ব্যৱহাৰ তেন্তে বহুত ধিক্কাৰ – চন্দ্ৰ শেখৰ পৰাজুলী

PC- shutterstock
মৌখিক জ্ঞান যদি নহয় ব্যৱহাৰ তেন্তে বহুত ধিক্কাৰ
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আচলতে আমাৰ অতীতৰে পৰা মৌখিক  জ্ঞান সৰ্বব্যাপি প্ৰচলিত হৈ আহিছে। আৰু বৰ্তমান সময়ত গোটেই বিশ্বতে ইন্টাৰনেটৰ ক্ৰান্তিৰ লগে লগে ইন্টাৰনেটৰ প্ৰতিটো মাধ্যমৰ জৰিয়তে ভৰপূৰ মাত্ৰাত প্ৰয় সকলোৱে কম বেছি পৰিমাণে মৌখিক জ্ঞান প্ৰদানৰ চেষ্টা অব্যাহত ৰখা দেখা যায়। সেয়েহে বেপাৰ বাণিজ্যৰ কাৰণে হওক বা প্ৰকৃত অৰ্থতে হওক আজিকালি প্ৰায় প্ৰতিজনে সুযোগ পোৱাৰ লগে লগে মৌখিকভাৱে জ্ঞান প্ৰদানত উঠি পৰি লগা দেখিবলৈ পোৱা যায়। বাৰু যি কিয়ে নহওঁক কিয়, যি কোনো মাধ্যমৰ জৰিয়তে আমাৰ ব্যক্তিত্ব বিকাশত উৎকৰ্ষ সাধন হ’লেই যথেষ্ট নহয় জানো? কিন্তু কেতিয়াবা আমাৰ অতীতৰে পৰা আমাৰ পূৰ্বপুৰুষ সকলে কেৱল মুখেৰেহে উঠি অহা নৱপ্ৰজন্মক মৌখিকভাৱে জ্ঞান প্ৰদান কৰাত ব্যাস্থ আছিল যেন অনুভৱ হয়। কিয়নো আমি উঠি অহা নৱপ্ৰজন্ময়ে কিছু সংখ্যক জেষ্ঠ নাগৰিক বাদ দি আমাৰ প্ৰায় সংখ্যক জেষ্ঠ জনাক লক্ষ্য কৰিলে দেখা পাওঁ যে, প্ৰায় সংখ্যক জেষ্ঠ নাগৰিকে উঠি অহা নৱপ্ৰজন্মক কেৱল  উপদেশ দিয়াত সম্পূৰ্ণৰূপে‌ পাকৈত আছিল বুলি ক’লেও ভুল নহয়। কাৰণ তেওঁলোকৰ ব্যক্তিগত জীৱনত আমি যদি গভীৰভাৱে অধ্যয়ন কৰোঁ তেন্তে আমি দেখিবলৈ পাম যে মৌখিকভাৱে জ্ঞান প্ৰদান কৰা প্ৰায়সংখ্যক জেষ্ঠ নাগৰিকে তেওঁলোকৰ নিজ ব্যক্তিগত জীৱনতো নিজে‌ আনক জ্ঞান প্ৰদান কৰি অহা কথাবোৰৰ ওপৰত তিষ্টি থাকিব নোৱাৰে। সেয়েহে  মৌখিক জ্ঞান যদি নহয় ব্যৱহাৰ তেন্তে বহুত ধিক্কাৰ । আচলতে মই কেৱল আমাৰ জেষ্ঠ নাগৰিক সকলকে লক্ষ্য কৰি লৈছোঁ নে নহয়। কাৰণ বৰ্তমান সময়ত আমাৰ নৱপ্ৰজন্মৰ মাজতো ইন্টাৰনেটৰ মাধ্যমেৰে হওক অন্যান্য নানান মাধ্যমৰ জৰিয়তে কেৱল মিঠা মিঠা উপদেশ মুলক কথাৰ জৰিয়তে মানুহৰ মাজত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ মৌখিকভাৱে জ্ঞান প্ৰদানত জপিয়াই পৰা দেখা যায়। কিন্তু গভিৰতাৰে অধ্যয়ন কৰিলে গম‌ পোৱা যায় যে, বৰ্তমান সময়ত বেছিভাগ উঠি অহা নৱপ্ৰজন্মৰ জীৱন “বাহিৰে বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী”।সেয়েহে অন্তিমত এশাৰী কথা কওঁ বৰ্তমান সময়ত আমি প্ৰতিজন ব্যক্তিয়ে কম, বেছি পৰিমাণে কি কাম কৰিলে ভাল ফলাফল পোৱা যায় আৰু কি কাম কৰিলে বেয়া ফলাফল পোৱাটো নিশ্চিত আছে সেইবোৰৰ কথা সকলোৱে জানো নহয়নে? গতিকে আমি আনবোৰ মানুহৰ আগত যিখিনি মৌখিক জ্ঞান প্ৰদান কৰি আহো‌ বা যিবোৰ মৌখিক জ্ঞান নিজৰ মাজতে অন্তৰ্নিহিত হৈ আছে সেই সকলোখিনি জ্ঞান আমি নিজে প্ৰথমতে নিজ জীৱনত ব্যবহাৰ কৰিবলৈ শিকি লোৱাটো উচিত নহয়নে? আচলতে আমি যদি প্ৰতিজনে নিজে নিজকে ঠিক কৰি লবলৈ সক্ষম হওঁ তেন্তে আমাৰ প্ৰতিখন সমাজৰে মানচিত্ৰ নিজে নিজে সলনি হৈ পৰিব। পৰিবৰ্তন শব্দটোৰ প্ৰয়োগ প্ৰথমতে নিজৰ জৰিয়তে কৰি লোৱাটো ভাল হ’ব। কাৰণ আমাৰ জেষ্ঠ জনাৰ পৰাই এশাৰী কথা বৰকৈ শুনিবলৈ পাইছিলো ‘উপদেশতকৈ আৰ্হি ভাল’।