বৰপেটাৰ সৰভোগত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

বৰপেটাৰ সৰভোগত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিৱেশনখনি অলপতে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা জিলাৰ সৰভোগ বিধানসভা সমষ্টিৰ বৰনগৰৰ ডেকাৰবড়ী গাঁৱত সুকলমে অনুষ্ঠিত হৈ যায়।কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বাহ নাৱাজ হুছেইন আৰু অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মহেন দাসে। অস্থায়ী স্বহীদ বেদীত স্মৃতি তৰ্পণৰ পাছতে ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিয়লি কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। আনহাতে, অধিৱেশনৰ দ্বিতীয় তথা অন্তিম দিনা পুৱা বিভিন্ন থলুৱা অসমীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে কেবাশতাধিক ৰাইজে তথা পৰিষদৰ বিভিন্ন জিলা সমিতিৰ নেতাকাৰ্মীৰ অংশগ্ৰহণেৰে এটি বৰ্ণিল “সমন্ব শোভাযাত্ৰা” অধিৱেশন থলীৰ পৰা স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰে শুভাৰম্ভ কৰাৰ পাছত শোভাযাত্ৰাত অংশগ্ৰহণকাৰীয়ে সৰভোগ চহৰ পৰিভ্ৰমণৰ অন্তত পুনৰ অধিৱেশন স্থলীত সামৰণি মাৰে। বিয়লি কেন্দ্ৰীয় সভাপতি শ্বাহ নাৱাজ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মহেন দাসে। পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক চহিদ আলী আহমেদে আঁত ধৰা উক্ত সভাত শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰি পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে অসমৰ থলুৱা গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ আৰ্থসামাজিক মুল্যায়নৰ বাবে গ্ৰহণ কৰা অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্তক আদৰণি জনায়। উক্ত মুল্যায়নৰ কাম শীঘ্ৰেই সম্পন্ন কৰিবলৈ চৰকাৰক আহ্বান জনায়। উক্ত সভাত নিৰ্দিষ্ট বক্তা ৰূপে পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ড০ চহিৰ ভূঞাৰ তথ্য সমৃদ্ধ সাৰুৱা ভাষনৰ পাছতে বিশিষ্ট অতিথি ৰূপে ক্ৰমে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি চেনীৰাম মালাং, সুত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীকান্ত সুত্ৰধৰ, বীৰ লাচিত সেনা, অসমৰ মুখ্য সচিব ৰণ্টু পানীফুকন, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উপদেষ্টা ষ্টিফেন লাকৰা, উত্তৰ-পূব যুটীয়া হজ কমিটীৰ অধ্যক্ষ অধিবক্তা নেকিবুৰ জামান, গৰিয়া উন্নয়ন পৰিষদ অধ্যক্ষ হাফিজুল আহমেদ, উত্তৰ পূব সীমান্ত ৰে’ল কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় নেতা মুকলেচুৰ ৰহমান আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ প্ৰমুখ্যে বিভিন্ন ব্যক্তিয়ে থলুৱা অসমীয়া জাতি জনগোষ্ঠীৰ লগতে গৰিয়া মৰিয়া আৰু দেশী লোক সকলৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মূল্যৱান ভাষণত আগবঢ়ায়। সভাত পৰিষদৰ কেন্দ্ৰীয় মহিলা কোষৰ সভানেত্ৰী অনিতা ৰহমান আৰু সাধাৰণ সম্পাদিকা মকচিদা বেগমৰ উপৰি বিশিষ্টা গৱেষক ড০ শিখা মেহৰা প্ৰমুখ্যে কেবাগৰাকী মহিলাই অংশগ্ৰহণ কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ফাইজুৰ ৰহমানে। উক্ত নিশা আমন্ত্ৰিত শিল্পী সকলৰ নৃত্য-গীত পৰিৱেশনেৰে এখনি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। আনহাতে নিশা পৰিষদৰ অন্তিমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সভাপতি শ্বাহ নাৱাজ হুছেইনৰ সভাপতিত্বত অধিৱেশন স্থলীৰ সুকীয়া অতিথি গৃহত সুকলমে অনুষ্ঠিত হৈ যায়। তাৰ পাছতে উক্ত নিশাই অনুষ্ঠিত হোৱা পৰিষদৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত নিৰ্ধাৰিত কাৰ্যকাল সমাপ্ত হোৱাৰ বাবে পুৰ্বৰ কেন্দ্ৰীয় সমিতিখন ভংগ কৰাৰ পাছত অনিবাৰ্য কাৰণবশতঃ পৰিষদৰ কেন্দ্ৰীয় বিষয়-বাচনি সভাখনি স্থগিত ৰাখি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত বিভিন্ন জিলা সমিতিৰ পৰা নিৰ্বাচিত হৈ অহা কেন্দ্ৰীয় প্ৰতিনিধি বৰ্গৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে আৰবুদ্দিন আহমেদক সভাপতি আৰু চহিদ আলী আহমেদক সাধাৰণ সম্পাদক ৰূপে লৈ পৰিষদৰ নজনীয়া এখনি কেন্দ্ৰীয় তত্বাবধায়ক সমিতি গঠন কৰা হয়। উক্ত তত্বাৱধানত সমিতিয়ে শীঘ্ৰ গুৱাহাটীত পৰিষদৰ অন্তৰ্গত বিভিন্ন জিলা সমিতি সমূহৰ নিৰ্বাচিত কেন্দ্ৰীয় প্ৰতিনিধি বৰ্গৰ উপস্থিতিত এখনি প্ৰতিনিধিত্ব মূলক বিষয়- বাচনি সভা অনুষ্ঠিত কৰি আগন্তুক তিনিবছৰ বাবে পৰিষদৰ পূৰ্ণাংগ কেন্দ্ৰীয় সমিতিখন গঠন কৰি থলুৱা গৰিয়া মৰিয়া আৰু দেশী জনগোষ্ঠীৰ স্বাৰ্থত আত্মনিয়োগ কৰাৰ বাবে সভাই এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে।