তোমাৰ অভিযোগৰ প্ৰত্যুত্তৰত – স্ৰোতস্বিনী দেৱী

PC - Pinterest
তোমাৰ অভিযোগৰ প্ৰত্যুত্তৰত
স্ৰোতস্বিনী দেৱী,
জাঁজী, বামুণপুখুৰী
তুমি যে মোক সুধিছিলা,
মই আজিও শব্দত জীৱনৰ কবিতা ৰচো নে?
আচলতে কি জানা,
আজি বহু দিনেই হ’ল নীৰৱতাৰ প্ৰেমত পৰা।
তুমি হয়তো নুবুজা মৌনতাৰ ভাষা!
সেইবাবেই হয়তো নেদেখিলা,
তোমাৰেই অজুহাতত
মোৰ হৃদয়খন ভাঙি টুকুৰা টুকুৰ হোৱা…
তুমি হয়তো মোক বুজিবলৈ চেষ্টাই নকৰিলা।
সেয়ে, আজি এই প্ৰশ্ন তোমাৰ…
বিশ্বাস কৰা বহু দিনৰ অন্তত তোমাৰ এই প্ৰশ্নৰ প্ৰত্যুত্তৰত
মোৰ মৃত শব্দক জীৱন দিয়া এটি মিছা প্ৰয়াস।
সঁচাকৈয়ে আজি বহু দিনৰ পাছত
তুলি লৈছোঁ কলম
তোমাৰেই অভিযোগৰ প্ৰতি উত্তৰত…
তুমি যে মোক সুধিছিলা
মই আজিও শব্দত জীৱনৰ কবিতা ৰচো নে?
এৰা!
এৰা আজি বহু দিনে হ’ল কবিতা নিলিখা।
মোৰ ভালকৈয়ে মনত আছে
সঁচাকৈয়ে আজি বহু দিনেই হ’ল
মোৰ শব্দবোৰে মৃত্যুক সাৱটা।।
ঠিক সেইদিনাই!!
যিদিনা তুমি মোৰ বিশ্বাস বিনিময়ত
হাতত তুলি দিছিলা প্ৰতাৰণাৰ এটি টোপোলা!!!
সেই যে মোৰ আলফুলিয়া হৃদয়খনক
তুমি পংগু কৰি উভতাই দিছিলা
সেইদিনাই!
সেইদিনাই বিকল হৈ পৰিছিল
মই অনুভৱ কৰিব পৰা প্ৰতিডাল শিৰা উপশিৰা…
এতিয়া তুমিয়েই কোৱা
কেনেকৈ লিখো শব্দৰ বুকুত জীৱনৰ কবিতা
কোৱা ! এতিয়া তুমিয়েই কোৱা
কেনেকৈ লিখোঁ শব্দৰ বুকুত জীৱনৰ মালিতা।।