কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰী হিমাক্ষী চৌধাৰী দিল্লীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰী হিমাক্ষী চৌধাৰী দিল্লীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনৰ ছাত্ৰী হিমাক্ষী চৌধাৰীয়ে দিল্লীত ২০২৪ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত হৈ মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷বিএ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী হিমাক্ষী চৌধাৰী অসমৰ গুৱাহাটীৰ পৰা নিৰ্বাচিত একমাত্ৰ ছাত্ৰী ৷ হিমাক্ষী চৌধাৰীৰ এই সাফল্যত অধ্যক্ষা ড° শিখামণি কোঁৱৰ , শিক্ষকবৃন্দ, কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকলে আনন্দ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে ৷