মনৰ আশাবোৰ – ছেলিমা বেগম

মনৰ আশাবোৰ 
ছেলিমা বেগম
ঠিকনা বিহীন যত্রা পৰিচয় হীনতা জীৱন
আশাবোৰ ৰামধেনুৰ দৰে সাত ৰঙৰ
আশাবোৰ অভিলাসী সপোনবোৰ মিতিৰালি
আশাবোৰ মহা আকাশত বন্দী।
মনৰ মাজত আশাবোৰ লৈ জীয়াই থাকোঁ
বুকুৰ মাজত আশাবোৰ বান্ধি ৰাখোঁ
মনৰ আশাবোৰ হল জীৱনৰ মূল্য
সবাতোকৈ ডাঙৰ শক্তি।
আশা বোৰ অন্ধকাৰৰ মাজত পোহৰ বিলাই দিয়ে  মমবাতিৰ ধৰে
জীৱনত আশা বোৰ সূৰ্য্যৰ পোহৰৰ ধৰে
বাৰে বাৰে মনৰ মাজত আহি থাকে
সৰু সৰু সপোনবোৰ ডাঙৰ হৈ আহে।
যেতিয়া লৈকে জীয়াই থাকিম
তেতিয়া লৈকে আশা জীয়াই থাকিব
ভবিষ্যতৰ সপোনবোৰ মনত বান্ধি লৈ
যত লক্ষ্য নাথাকিব, তাত আশা নাথাকিব।