শ্বহীদ দিৱস উদযাপন

শ্বহীদ দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চৰকাৰী কাৰ্যসূচীৰ পূৰ্বে নতুন দিল্লীত ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি “শ্বহীদ দিৱস” উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৱিত্ৰ শ্বহীদ বেদীত সশ্ৰদ্ধ প্ৰণিপাত জনায়। স্বদেশ-স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ মহাসন্ধিক্ষণত অতুলনীয় ত্যাগ আৰু সাহসেৰে ইতিহাস ৰচি যোৱা ঐতিহাসিক অসম আন্দোলনৰ বীৰ শ্বহীদসকল জাতিৰ বাবে সাগ্নিক প্ৰেৰণা বুলি তেখেতে উল্লেখ কৰে আৰু বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে।