নদীখন বৈ আছে নিৰৱধি – আয়নাল হক

নদীখন বৈ আছে নিৰৱধি
আয়নাল হক ,ধুবুৰী
নদীখনৰ গীতত কঁহুৱাই নাচে
শেলুৱৈ ধৰা শিলবোৰে
বহু কথা কয়–
যুগ—যুগৰ–!
আবেলিৰ বেলিটোৰে বুকু ভৰাই
নদীখন ৰাঙলী হ’লে
চৰাইজাকে আৰম্ভ কৰে
নীড়মুখী যাত্ৰা–।
নদীখনে অভিমান কৰিলে
পাৰৰ গছ-বনবোৰ চকিত হয়–!
হ’লেও নদীৰ জীপতে
গছবোৰত ব’হাগৰ হাঁহি সৰে।
নদীখন বৈ আছে নিৰৱধি
আকাশৰ নীলাবোৰ সামৰি
য’ত মোৰ শৈশৱ কৈশোৰৰ
সময়বোৰ আছে সাঁতুৰি-নাদুৰি…।