কৃষ্ণই বাঁহীটো ভাঙি পেলালে
মুন শৰ্মা, লখিমপুৰ
আমি জানো ভগৱান শ্ৰীকৃষ্ণৰ হাতত সকলো সময়তে এটা বাঁহী থাকে। নাম তাৰ “মুৰুলী”। এই বাঁহী সুৰেৰে তেওঁ জগতত কৰিছিল অজস্ৰ লীলা, সুৰেৰে আনিলে অলেখ নাৰীৰ মৰম। অন্যহাতে তেওঁও খুবেই ভাল পাইছিলবাঁহী বজায়।কিন্তু এই বাঁহীটো কোনো দিন নবজাও বুলি এদিন ভাঙি পেলাইছিল। চিৰদিনলৈ তেওঁ ভাল পোৱা এটা কাম কৰাৰ পৰা বিদায় লৈছিল। কিন্তু কিয়! তাক জানিবলৈ এটা কাহিনী শুনিম আহক।কাহিনীটো হ’ল শ্ৰীকৃষ্ণ কেইবা গৰাকী পত্নী আছিল কিন্তু তেওঁ এগৰাকী প্ৰেমিকা আছিল। নাম আছিল তেওঁৰ “ৰাধা”। বহুতে ৰাধা শ্ৰীকৃষ্ণৰ পত্নী বুলি কিন্তু কথাটো সঁচা নহয়।ৰাধা আছিল শ্ৰীকৃষ্ণৰ প্ৰথম প্ৰেম আৰু তেওঁ সকলোকৈ অধিক ভাল পোৱা নাৰী। এই ৰাধাৰ বাবেই এটা সময়ত শ্ৰী কৃষ্ণই বাঁহী বজাইছিল তাৰ পাছত হে” লাহে লাহে অন্য গোপী সকলৰ বাবে বাঁহী বজাইছিল বুলি জনা যায়।বহু বছৰৰ এই দুই প্ৰেমিক প্ৰেমিকা একেলগে থকাৰ পাছত সময়ৰ আহ্বানত আঁতৰি যাব লগা হৈছিল কৃষ্ণই ৰাধাক এৰি। বহু কাল গুচি গ’ল, কৃষ্ণই সময়ে সময়ে ৰুক্মিণীকে ধৰি কেইজনী মান নাৰীক পত্নী ৰূপে গ্ৰহণ কৰিলে কিন্তু তেওঁ পত্নী কৰি নললে কেতিয়াও ৰাধাক। সিফালে ৰাধাইও কোনো পুৰুষক নিদিলে শ্ৰীকৃষ্ণৰ বাহিৰে তেওঁ প্ৰেম জগত খনত কোনো দিন ঠাই। লাহে লাহে ৰাধাৰ জীৱনৰ অন্তিম সময় আহি উপস্থিত হল। তেতিয়াই তেওঁ শ্ৰীকৃষ্ণক এবাৰ চাব বিচাৰিলে আৰু কিছু পৰ তেওঁ কাষত ৰাধা থাকিব খুজিলে। তাৰ বাবে এদিন কৃষ্ণ আহি ৰাধাৰ কাষত উপস্থিত হল।সেই দিনা তেওঁ শ্ৰীকৃষ্ণৰ পৰা তেওঁৰ মুৰুলী টোৰে নিগৰা সুৰ বোৰ কিছু সময় শুনিব বিচাৰিলে। তেতিয়া কৃষ্ণই ৰাধাৰ অনুৰোধ ৰক্ষা কৰি বাঁহীৰে সুৰ তুলিব আৰম্ভণি কৰিলে। কিছু সময় যোৱাৰ পাছতে ৰাধাই কৃষ্ণৰ কোলাত মূৰ গুজি চকু মুদি দিলে আৰু কোনোবা এটা সময়ত তেওঁ স্বৰ্গ লৈ গমণ কৰিলে ।সিফালে কৃষ্ণই বহু সময় বাঁহী বজালে, লাহে লাহে তেওঁ বুজি উঠিল ৰাধা আৰু এই সংসাৰত আৰু নাই, তেতিয়াই তেওঁৰ মনৰ দুখত কিমান দিনে লৈ থকা বাঁহীটো ভাঙি পেলালে। নবজালে কোনো দিন আৰু সেই মুৰুলী তেওঁ।