ভেঞ্চাৰ জীৱন – এছ, ইছলাম

ভেঞ্চাৰ জীৱন
এছ, ইছলাম,শিক্ষক
           পঃ মইনবৰী,বৰপেটা
শিক্ষা জীৱনৰ পৰিসমাপ্তি
পাতনি মেলে এক নৱ জীৱন
য’ত প্ৰবাহিত হয় দিনক দিনে
নতুন অধ্যায় ।
য’ত সন্নিবিষ্ট হয়
অৱহেলিত জীৱন
আৰু যে কিমান—
তুচ্ছ-তাচ্ছিল্যৰে ভৰপুৰ
ভেঞ্চাৰ জীৱন
লাঞ্ছনা-বঞ্ছনাৰ মাজেৰে পাৰ হয়।
অৰ্ধ জীৱন অতিবাহিত
কিছুমানৰ তিলতিলকৈ শেষ হয়
নিজকে স্বাবলম্বী কৰিব নোৱাৰে
দুৰ্দশাগ্ৰস্থ হয়
ভেঞ্চাৰ জীৱন।
দুশ্চিন্তাৰে আৱৰা জীৱনটো
এগছি মমৰ দৰে
জ্বলি-পুৰি শেষ হৈ যায়।