নাজিৰা কবি সন্মিলনৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন 

নাজিৰা কবি সন্মিলনৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম কবি সন্মিলনৰ শ্ৰেষ্ঠ স্বীকৃত শাখা নাজিৰা কবি সন্মিলনৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৫ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। শাখাৰ সম্পাদক হৰেন চন্দ্ৰ নাথে সূত্ৰ ধৰা অনুষ্ঠানত বিগত বৰ্ষৰ সভাপতি অজিত খাটনিয়াৰে নৱ নিৰ্বাচিত সভাপতি অৰুণা চেতিয়া খাটনিয়াৰক দায়িত্বভাৰ অৰ্পণ কৰাৰ পিছতে সভাপতিয়ে কাৰ্যসুচী পৰিচালনা কৰে । অজিত খাটনিয়াই বিগত কাৰ্যকালৰ অনুভৱ ব্যক্ত কৰাৰ লগতে ৰবীন বৰঠাকুৰ , হেমন্ত ৰাজখোৱা  , দিলীপ হাজৰিকা  , উমেশ চন্দ্ৰ গগৈ  , মঞ্জু ঘৰফলীয়া বৰা , হৰেণ চন্দ্ৰ নাথে সাংগঠনিক দিশত বিভিন্ন দিশ আলোকপাত কৰে । সভাত অৱিনাশ বাস্তৱ , তনুজা বেগম , অনামিকা বৰা , প্ৰণিতা লাচিত , গীতা বুঢ়াগোহাঁই , দীপালি ৰাধিকা , নিজৰা সন্দিকৈ ফুকন , লাৱণ্য দত্ত ফুকনকে ধৰি ভালেকেইজনে কবিতা পাঠ , গীত – মাতে অনুষ্ঠানটো জীপাল কৰি তোলে । নিৰুপমা দত্ত  , প্ৰণৱ দুৱৰা , অনামিকা বৰা দাস , জীনামণি বৰগোহাঁই দুৱৰা আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত আগন্তুক কাৰ্যকালৰ বাবে কবিতাৰ কৰ্মশালা , গ্ৰন্থ প্ৰকাশ তথা সদৌ অসম কবি সন্মিলনে নিৰ্ধাৰণ কৰা কাৰ্যসুচী ৰূপায়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ।