অ আ ক খ – মইনুল হক

অ আ ক খ
মইনুল হক
তাইৰ পোনাটিৰ হাগনি বেমাৰ
কবিৰাজৰ জৰা ফুঁকাত নাবাচিল
অভাৱ অ আ ক খ
মাহজোৰা ঠিকাদাৰৰ কাম কৰি
বনুৱাৰ হাজিৰাত গণ্ডগোল
ঠিকাদাৰ যে ধুৰন্ধৰ
জানিছিল অ আ ক খ
ৰাইজে বাৰে বাৰে ঠগিছে
চলাহি কথাত গৈছে ভোল
নেতাই বুজিছে ৰাইজে নাজানে
অ আ ক খ
ভক্ত _অন্ধভক্তৰ মহা সমদল
অভাৱ অ আ ক খ’ৰ
কোনোবাই চন্দ্ৰত কোনোবাই মৰ্ত্তত
পাৰ্থক্য মাথোঁ অ আ ক খ
জীৱন উপভোগৰ সম্বল
অ আ ক খ।