চিটিবাছ – ৰশ্মি ৰেখা দুৱৰা

চিটিবাছ
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
টিক্-টিক্ কৰি দৌৰিছে
সময়ৰ কাটা ডাল
চিটিবাছৰ ভিৰত দৰ্জামুখত
যাত্ৰা কৰা দিনবোৰেও দৌৰিছে
কাকো নোকোৱাকৈয়ে…!
ভিৰৰ মাজত আৱদ্ধ হৈ কৰা যাত্ৰাতেই
অঁকা আছিল ভৱিষ্যতৰ সপোন
জীৱনৰ অলিখিত লক্ষ্য।
ভিৰৰ মাজত যাত্ৰা কৰি
ঘূৰি আহি ঘৰ পাই
ক্লান্ত দেহটো ক্ষন্তেকৰ বাবে
নিদ্ৰাদেৱীৰ কোলাত,
চকমক খাই উঠি
হুমুনিয়াহ কাঢ়ি কাঢ়ি
সাক্ষী হ’লোঁ পঢ়া টেবুলৰ।
পুৱাৰ ৰ’দকাঁচলি খিৰিকীৰ ফাঁকেৰে
লুকাভাকু খেলি পঢ়া টেবুলত
বিলাইছে কিৰণ,
দিনটোৰ চিটিবাছৰ ভিৰৰ লগত
বন্ধুত্বসুলভভাৱে কটাবলৈ
জনাইছে শুভকামনা।
পুৱাৰ কোমল বতাহজাকে
কষ্টবোৰ অনুভৱ কৰিবলৈ নিদিয়ে
চিটিবাছৰ ভিৰৰ আঁৰতেই
জীৱনৰ লক্ষ্যস্থানে পলে পলে উৰিছে
অভিযাত্ৰী হৈ নিলগলৈ।