হাৰিব নোখোজো মই – নাজবিন চুলতানা

Pc-depositphotos
হাৰিব নোখোজো মই
নাজবিন চুলতানা, পাটসাঁকো
মই নাজানো মই কি,
মই নাজানো মই কোন,
মই নাজানো মই কৰিম কি,
প্ৰত্যেক আশাই দিছে শূন্যতাৰ উকা বিন্যাস ।
প্ৰত্যেকটো খোজতে পৰিছে মোৰ
সাঁতুৰি পাৰ নোপোৱা বাধা,
মোৰ সপোন কি আছিল মই নাজানো,
মোৰ লক্ষ্য কি মই নাজানো,
নাই মোৰ ভাগ্যৰ সঁহাৰিৰ জীৱন,
মাথোঁ দৌৰি আছো
দায়িত্ব আৰু কৰ্তব্যৰ স্বাৰ্থত
নিলজ্যমুখী বিচৰণলৈ…
উজুটিয়ে কিমানবাৰ হেৰুৱাব,
এই উজুটিতকৈও বিষাক্ত বিষ মোৰ
দায়িত্বহীনতাৰ সময়,
শেষ হ’ব নোৱাৰে ইয়াতেই চেষ্টা
শেষ হ’ব নোৱাৰে…
কিয়নো,
মোৰ পৰিচয়বিহীন জীৱনত
মৃত্যুমুখী হৃদয়ে
হাৰ মানিব নোখোজে ।।