মোৰ প্ৰেম – আলমিনা খাতুন

Pc Full forms

মোৰ প্ৰেম

আলমিনা খাতুন, সাপটগ্ৰাম

প্ৰথম দেখাতেই মই তোমাৰ মগ্ন,
মগ্ন মই তোমাৰ সোপনত।
বিনিদ্ৰ হৈ হিয়া ভৰা মৰম লৈ,
তোমাৰ মৰম বিচাৰি ব্যস্ত মই।
ইপিনে তোমাক চাবলৈ অপেক্ষা মোৰ,
সিপিনে মোক চাবলৈ অপেক্ষা তোমাৰ।
 তোমাক পোৱাৰ হেপাহ লৈ বিনিদ্ৰ মই,
চাৰিওকাষে যেন দেখো তোমাকেই।
এনেকৈয়ে আৱদ্ধ হলো তোমাৰ মায়াজালত,
সেয়ে তোমাৰ লগতেই খোজ দিলো জীৱনযুদ্ধত।