বাস্তব এটি কলা অধ্যায় – ৰামেশ্বৰ নাথ

PC - Pickpik

বাস্তব এটি কলা অধ্যায়

ৰামেশ্বৰ নাথ

কিমান আৰু শুকান কাগজত
শব্দৰ ৰং তুলিকাৰে
বাস্তব জীৱনৰ জীয়া অনুভৱ
সাহিত্যৰ বুকুত উপস্থান কৰিম ।
অপ্ৰিয় সত্য যদিও
বাস্তৱ অনুভৱৰ অধিকাংশই
বৰ গধূৰ আৰু অত্যন্ত বিষাদ,
বেদনাসিক্ত অশ্ৰুপ্ৰিয় ।
সুখৰ লেহেমীয়া গতি দেখি
আনন্দ, উৎসাহ উদ্দীপনা বোৰক
নিৰাশাই আঁকোৱালি লয়
আৰু আশা বোৰে দুখৰ সংগ লয় ।
সুখ দুখৰ বলিয়া বানত
উটি উটি নিঠৰুৱা হোৱা
দেৱদাস প্ৰেমিকৰ দৰে
বাস্তৱৰ জীয়া সপোন মচি মচি
যতি পৰে এটি অধ্যায়ৰ ।
আকৌ নতুন দিনত মেঘাছন্ন
আকাশত বেলি ওলাৰ দৰে
চুচুক চামাক কৈ
আগমণ ঘটে এটি নতুন অধ্যায়ৰ ।