জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদীৰ সৈতে চলি থকা সংঘৰ্ষত ভাৰতীয় সেনাৰ দুজন বিষয়া (কেপ্তেইন)সহ চাৰিজন সেনা জোৱান নিহত হয়। ৰাজৌৰীৰ কলাকোটে এলেকাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী জালত পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।উল্লেখ্য যে, বিগত দেওবাৰৰ পৰা জিলাখনৰ ধৰ্মশালৰ বাজিমাল অঞ্চলত সেনা, আৰক্ষীৰে সন্ত্ৰাসবাদীৰ এই সংঘৰ্ষ অব্যাহত আছে। অঞ্চলটোত উগ্ৰপন্থীৰ এটা দলে আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাছতে চলিছিল এই অভিযান।সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি নিহত দুই সেনা বিষয়া কেপ্টেইন পৰ্যায়ৰ বিষয়া। ইয়াৰোপৰি আহত হৈছে আন দুজন। এই দুজনৰ এজন মেজৰ আৰু আনজন জোৱান।