চৰকাৰী কৰ্মচাৰী সকল চৰকাৰৰ হিতাধিকাৰী নেকি ? – দেবর্ষি গৌতম

Pc ANI News

চৰকাৰী কৰ্মচাৰী সকল চৰকাৰৰ হিতাধিকাৰী নেকি ?

দেবর্ষি গৌতম
বনগাঁও

চৰকাৰৰ অধীনত কৰ্ম সম্পাদন কৰা যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰী সকলে চৰকাৰৰ হৈ কৰ্ম সম্পাদন কৰে যাৰ বাবদ সেই কৰ্মচাৰী সকলে চৰকাৰী নিয়ম অনুযায়ী পৰিশ্ৰমিক অথবা দৰমহা লাভ কৰে। চৰকাৰী চাকৰি লাভ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে এক নির্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে যোগ্যতা নিৰ্ধাৰণৰ নীতি নিয়ম সম্বলিত পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিত মকলৰ হয়। গতিকে চৰকাৰী চাকৰিয়াল সকলক চৰকাৰৰ হিতাধিকাৰী সকলৰ লগত তুলনা কৰিলে সেই তুলনাৰ কোনো যুক্তি নাথাকিব। যদিও চৰকাৰী কৰ্মচাৰী সকলে আৰু চৰকাৰী হিতাধিকাৰী সকলে চৰকাৰৰ ধন লাভ কৰে তথাপিও দুয়োটা বিষয়ত ধন প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰু উদ্দেশ্য সম্পূৰ্ণ পৃথক। চৰকাৰী ধন লাভ কৰা প্ৰতিগৰাকী লোকেই চৰকাৰৰ হিতাধিকাৰী বুলি কোৱাটো কোনো কাৰণতে যুক্তিসংগত হব নোৱাৰে। কাৰণ চৰকাৰী ধন লাভ কৰা ব্যক্তিগৰাকী কিদৰে সেই চৰকাৰী ধন লাভ কৰিছে সেই কথাটো আগতে বিচাৰ কৰিব লাগিব। চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰৰ হিতাধিকাৰী সকলৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। আচলতে যিসকল চৰকাৰী কৰ্মচাৰী সেইসকল কৰ্মচাৰীয়ে চৰকাৰৰ পৰা লাভ কৰা ধন তেওঁলোকে সম্পাদন কৰা কৰ্মৰ বিনিময়ত লাভ কৰে। আনহাতে চৰকাৰে যিসকল হিতাধিকাৰীক চৰকাৰী আঁচনিৰ অধীনত ধন অথবা অন্যান্য সুবিধা প্ৰদান কৰে সেয়া সম্পূৰ্ণ বিনামূলীয়া তথা কোনো শ্ৰম দান নকৰাকৈ লাভ কৰে। কোনো এগৰাকী ব্যক্তিয়ে চৰকাৰৰ হৈ শ্ৰম দান কৰি লাভ কৰা ধনৰাশিত আমি পৰিশ্ৰমিক নাইবা দৰমহা বুলি কওঁ কিন্তু হিতাধিকাৰী সকলে লাভ কৰা চৰকাৰী ধনক আমি কেতিয়াও পৰিশ্ৰমিক নাইবা দৰমহা বুলি উল্লেখ নকৰো আৰু হয়তো কৰিব নোৱাৰো। যদি চৰকাৰী কৰ্মচাৰী সকলকো চৰকাৰৰ হিতাধিকাৰী সকলৰ লগত তুলনা কৰা হয় তেনেহলে যিদৰে চৰকাৰৰ হিতাধিকাৰী সকলে ঘৰত বহি আৰামত ধন লাভ কৰি আছে ঠিকে একেদৰে চৰকাৰী কৰ্মচাৰী সকলেও অফিচত গৈ কৰ্ম সম্পাদন কৰাৰ বিপৰীতে চৰকাৰী ধান লাভ কৰিব লাগিব অন্যথা সেই তুলনাৰ কোনো যুক্তিযুক্ততা নাথাকিব। আচলতে যদি আমি চৰকাৰী কৰ্মচাৰী আৰু হিতাধিকাৰী সকলৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰিবলৈ যাওঁ তেনেহলে এটা কথা স্পষ্ট হৈ পৰে যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰৰ পৰা দৰমহা লয় সেই দৰমহা সেই কৰ্মচাৰী সকলে আচলতে উপাৰ্জন কৰে আনহাতে যিসকল লোকক চৰকাৰে আঁচনিৰ সহায়ত নগদ ধন অথবা অন্যান্য সুবিধা প্ৰদান কৰে সেয়া হিতাধিকাৰী সকলে চৰকাৰৰ পৰা সেই সমূহ লাভ কৰে। গতিকে কোনোবাই উপাৰ্জন কৰা আৰু লাভ কৰাৰ মাজত থকা পাৰ্থক্যই চৰকাৰী কৰ্মচাৰী আৰু হিতাধিকাৰী সকলৰ মাজত থকা পাৰ্থ্যকক স্পষ্ট উপস্থাপন কৰে। যিহেতু উপাৰ্জন কৰিবলৈ হলে যিকোনো এগৰাকী ব্যক্তিয়ে কৰ্ম সম্পাদন কৰাটো বাধ্যতামূলক গতিকে চৰকাৰী কৰ্মচাৰী সকলৰ তুলনা কোনো কাৰণতে হিতাধিকাৰী সকলৰ লগত যে নহয় এই কথাই স্পষ্ট কৰি দিছে। চৰকাৰী কৰ্মচাৰী সকলে উপাৰ্জন কৰা ধনৰ পৰিমাণ যদি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহ প্ৰদানৰ নিৰীখতকৈ অধিক হয় তেনেহলে সেই কৰ্মচাৰী সকলে উপাৰ্জিত ধনৰ বাবদ চৰকাৰক ৰাজহ আদায় দিব লাগে কিন্তু চৰকাৰে প্ৰদান কৰা হিতাধিকাৰী আঁচনিৰ সহায়ত লাভ কৰা ধনৰ বাবে কোনো হিতাধিকাৰীয়ে ৰাজহ আদায় দিব নালাগে। যদি আমি চৰকাৰী কৰ্মচাৰী আৰু হিতাধিকাৰী সকলৰ মাজৰ পাৰ্থক্য সমূহ অতি সূক্ষ্মভাৱে ফঁহিয়াই চাওঁ তেনেহলে এনেদৰে বহু পাৰ্থক্য দেখিবলৈ পাম যিসমূহ পার্থক্যই স্পষ্ট কৰি দিব যে চৰকাৰী কৰ্মচাৰী আৰু হিতাধিকাৰী সকলৰ মাজত আকাশ পাতল পাৰ্থক্য আছে। চৰকাৰী কৰ্মচাৰী আৰু হিতাধিকাৰী কোনো যুক্তিৰে এক কৰিব পৰাটো সম্ভৱপৰ নহয়। চৰকাৰে কাৰোবাক চৰকাৰী ধান প্ৰদান কৰা মানেই ইয়াৰ অৰ্থ এইটো নহয় যে সেই ধন লব কৰা লোক সকল হিতাধিকাৰী।