স্বপ্ন -আয়নাল হক

Pc Unsplash
স্বপ্ন
আয়নাল হক , ধুবুৰী 
স্বপ্ন—
বহুত দেখিলোঁ
আৰু দেখি আছোঁ
তুমিও দেখা চাগে।
বাস্তৱত হাঁহি সৰিবলৈকে
স্বপ্ন দেখিব লাগে।
মনৰ সন্তুষ্টিৰ বাবেই
স্বপ্নৰ উপত্যকাত ভ্ৰমি ফুৰোঁ
আশাৰ হেঙুলী পাহে পাহে।
নদী,পাহাৰ, সাগৰ সকলোতে
স্বপ্নই তামিঘৰা সাজে।
তোমাৰ বাবেও
স্বপ্ন এটাই মোক
বাৰে বাৰে আমনি কৰে।
তুমি যেন পৰী নন্দন-কাননৰ
তোমাৰ উশাহত
প্ৰতি নিশা মোৰ শেতেলিত
ন-ন স্বপ্নই
নতুন সাজেৰে ভুমুকি মাৰে।
স্বপ্ন দেখোঁ বাবেই
আশাও আছে
আশা আছে বাবেই
জীৱনে পলে পলে
হাঁহিৰ সুবাস সিঁচে…।