হে নমস্য আজান ফকীৰ-ছেলিমা বেগম

হে নমস্য আজান ফকীৰ 
ছেলিমা বেগম
 নগাঁও
হে নমস্য পীৰ কি নাম দি মাতিম !
সাধু ,কবি , শ্বাহ মিলন নে মীৰান ?
আজান ফকীৰ নাম দি মাতি আছোঁ।
বাগদাদৰ পৰা অসমলৈ আহি
অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত
মিলনৰ সেতু একতাৰ বান্ধোনত বান্ধি দিছিলা।
আকৌ এবাৰ আহি অসমীয়া সমাজত
মিলনৰ এনাজৰী গঢ়ি তুলিবলৈ আহ্বান জনালোঁ।
তুমি বিহীন সোণৰ অসমত বিশৃংখলতা দেখা দিছে।
শঙ্কৰদেৱৰ সৈতে অসমখনক ৰক্ষা কৰা ।
একতাৰ বান্ধোনত আমি অসমীয়া থাকিব বিছাৰিছো।
তোমাৰ আজান শুনি শান্ত হৈছিল অসমীয়া।
আজি সেই আজান লৈ বৈষাম্যৰ সৃষ্টি হৈছে।
তোমাৰ আজান শুনিবলৈ
নাই আজি অসমীয়া
কেৱল মাত্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
আমি অসমীয়া বিচাৰি ঘূৰি ফুৰিছো শঙ্কৰ গুৰু,
আজান ফকীৰ চাহেব গনক।
দিখৌ মুখৰ সৰাগুৰি চাপৰি আজি
হিয়া ভাঙি কান্দি আছে তোমাক বিছাৰি ,
তুমি চাহেব আগতে যাবলৈ
ভকত পিচে পিচে যাবলৈ নাই ।
তোমাৰ মিলনৰ ভূমিত হিংসা,
লুন্ঠন আৰাজগতা বৃদ্ধি পাইছে।
চকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা কৰিবলৈ
আকৌ তোমাক বিচাৰি মনে কৰে হাহাকাৰ।
তোমাৰ জিকিৰ- জাৰী আকৌ প্ৰাণ পাই উঠক
তাকেই কামনা কৰিলোঁ নেদেখা জনৰ ওচৰত।
তোমাৰ আজানৰ ধ্বনি
বিশ্ব ভূমণ্ডলৰ মাজত সিঁচৰিত হৈ থাকক ।