অনুভূতি – সত্যজিৎ গগৈ

অনুভূতি
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
অনুভূতিবোৰ জব্দ কৰিব পৰা হ’লে
বাৰিষা নাহিল হেতেন শিলাবৃষ্টি হৈ
এতিয়া হিমচেঁচা টোপালবোৰে
বিষালি কৰিছে বুকু
অথবা নথকা হ’লে গোলাপৰ কোনো অনুভূতি
আগবাঢ়ি নাহিল হেতেন কাঁইটীয়া ডাল
যদি আজি নাপালোঁ হেতেন
শেৱালি ফুলাৰ আগলি বতৰা
কুঁৱলী সৰা নিশাবোৰ চুচুক-চামাককৈ আঁতৰি গ’লহেতেন
আঁতৰি যোৱাৰ দৰে
আহিনৰ পিছত আহিন
অথবা,
আঘোণৰ পিছত আঘোণ।