চাহ গছৰ ডালে-পাতে – জুনু গোস্বামী খাওন্দ

চাহ গছৰ ডালে-পাতে

জুনু গোস্বামী খাওন্দ

জোপোহা চাহ গছৰ কুমলীয়া কুঁহিপাতবোবব এখন যেন দিগন্ত বিয়পা সেউজীয়া সমতলহে। সদায় দেখি থাকিলেও চালে চকু থৰ হৈ যোৱা দৃশ্য। তেনেকুৱা সেউজীয়াবোৰৰ মাজতে মই মোৰ শৈশব পাৰ কৰিছিলো। চাহ গছৰ ডালে-পাতে আমি জাক জাক কণমানিবোৰ উৰি উৰি নাচি ফুৰিছিলো। এতিয়া বৰকৈ মনত পৰে।

মোৰ লগৰ চুবুৰীয়া ল’ৰা- ছোৱালীবোৰৰ উপৰি আমাৰ ঘৰত কাম কৰিবলৈ অহা মজদুৰ ল’ৰা-ছোৱালীবোৰো মোৰ খেলা-ধূলাৰ সংগী আছিল। তাৰে এটা ল’ৰাৰ নাম আছিল মইনু। সি আমাৰ গৰু চৰায়। সি দিনে-ৰাতিয়ে আমাৰ ঘৰতে থকাৰ বাবে সিয়েই হ’ল মোৰ বেষ্ট ফ্রেইন্ড। সি গৰু চৰাবলৈ যোৱাৰ আগতে মাটিৰে বাটলু-গুটি বনায়। পুৱা গৰু লৈ যোৱাৰ আগতে শুকাবৰ বাবে ৰ’দত দি থৈ যায়। সেইখিনি শুকুৱাৰ পিছত স্কুলৰ পৰা আহি সামৰি থোৱাৰ দায়িত্ব মোৰ। নহ’লে কাজিয়া হ’ব। মই সিহঁতৰ ডাঙৰ হোৱাৰ পৰা মন কৰিছিলো- কেটেপা আৰু বাটলু-গুটি যেন সিহঁতৰ আজন্মৰ লগৰী। সেইখন নহ’লে জীৱনটোৱেই যেন আধৰুৱা।

আমাৰবিলাকৰ ঘৰে ঘৰে বাহিৰত একোখন জুইশাল থাকে। ঠাণ্ডাৰ দিনত গধূলি জুই সেকাৰ লগতে মনবোৰো ৰসাল আৰু উত্তাপিত কৰি তোলে। মইনু আৰু মই দুয়োটা মিলি সেই জুইশালতে মনে মনে এটা কাম কৰিছিলো।

সন্ধিয়া মইনুৱে গৰু লৈ ঘৰলৈ আহোঁতে চৰাই মাৰি আনে। জুইত সি চৰাইবোৰ পোৰে। সেই সময়ত মই পঢ়া টেবুলত। চৰাই পোৰা হ’লে সি মোৰ পঢ়াৰ কোঠাৰ বাহিৰত কাহ এটা মাৰি জাননী দিয়ে। মই ইফালে- সিফালে চাই পঢ়া সামৰি পানী খোৱাৰ ছলেৰে- বান্ধনি ঘৰলৈ যাওঁ। টিপতে নিমখ অকণমান লৈ জুইৰ ওচৰ পাওঁগৈ। দুয়োটাই আৰামত নিমখ লগাই চৰাই পোৰা খাওঁ। তাৰ পিছতে সি নৈৰ কাষৰ পৰা অনা খাগৰিৰ ঠাৰীৰে বিড়ি বনাই ধোঁৱা উৰুৱাওঁ। সি বিড়িৰ ভিতৰত চাধা ভৰাই লয়। মোক কুটুৰি থাকে যে চাধা ভৰোবা বিড়িৰ মজাই বেলেগ। এদিন লোভ সামৰিব নোৱাৰি তাৰ ভাগৰে এহোঁপা মাৰিলোঁ। লগে লগে কাহ। থাকিব নোৱৰা অৱস্থা। মায়ে কোঠাৰ পৰা ওলাই আহি আমাক ধৰা পেলালে। তাক কিবাকিবি কোৱাৰ লগতে মোকো ধৰি নি নিমখ-পানী এবাতি খুৱাই ঠেকেচা মাৰি বহুৱাই থ’লে। সেইদিনাৰ পৰা কেইদিনমানলৈ জুইৰ ওচৰত বহাটো মোৰ বন্ধ হ’ল যদিও তাৰ লগত, বন্ধুত্বটো ঠিকেই থাকিল।

মইনু চুটিত গ’লে আন এজন ল’ৰা আহে। এদিন আহিল পেটবা । সি অদ্ভুত চৰিত্ৰৰ। মূৰটোৰ অলপ গণ্ডগোল থকাৰ দৰে। আমাৰ ঘৰত মইনা চৰাই এটা আছিল। মইনাটোৱে কথা ক’বলৈও শিকিছিল। সি মৰমো কৰে। এবাৰ সি জানি-বুজিয়েই বিষাক্ত বিছা এটা চৰাইটোক খুবাই দিলে। চৰাইটো মৰি থাকিল। সি সঁচা কথাও ক’লে। চিঞৰি আছিল বাবে খুৱাই দিলে। তাৰ ওপৰত মোৰ বৰ খং উঠিল। গালি পাৰিলোঁ। সেই সময়তে চোতালত শালিকা এটা চৰি আছিল। সি মোক শালিকাটো দেখুৱাই ক’লে- তই হাল্লা নকৰিবি, সেইটোকে ৰাখিবি।

দেউতাই চাকৰিব পৰা অৱসৰ লোৱাৰ পিছতো সি অলপদিন আমাৰ ঘৰত গৰু চৰাইছিল। এদিন ওচৰৰে মানুহ এজনে মাক ক’লেহি- আপুনি ভাল ভোলানাথক পুহিছে। মায়ে কথাটো জানিব খোজাত তেওঁ ক’লে যে পেটবাই গৰু চৰাবলৈ যাওঁতে গাই এজনীৰ পিঠিত দিনটো উঠি ফুৰে। গৰুজনীয়ে হাগিলে নিজৰ গেঞ্জিটো খুলি টিকাটো মচি দিয়ে। এই কাণ্ডবোৰৰ কথা তাক সুধিলত সি সাধাৰণভাৱে দিয়া উত্তৰটো হৈছে- বেছি জংঘলত গৰু সোমালে সি-বিচাৰি ফুৰিব লাগে। পিঠিত বহি থাকিলে হেৰোৱাৰ কোনো সমস্যা নাথাকে। সি এদিন ইমান লেতেৰা কাম এটা কৰিছিল যে ভাবিব নোৱাৰি।

আমাৰ নিশাৰ আহাৰৰ বাবে ৰন্ধা মাংসখিনি লিকটীয়া আছিল বাবে খাব নোৱৰা হ’ল। পিছদিনা কথাই কথাই ৰাতি মাংস খাব নোৱৰাৰ কথাটো তাক ক’লোঁ আৰু সি খাব পাৰিলেনে নাই সুধিলোঁ। সি তাৰ ভাষাতে ‘ক’লে- ‘হঁ মুই অই বকমেই খাই দেলী। ফজীৰে জখন পায়খানা সংগে নিকল গেলে তখন ফিৰ পোৰাই কে খাই দেলী। (সি ক’লে- অ’ মই তেনেকৈয়ে খাই দিলোঁ। পুরা যেতিয়া পায়খানাৰ লগত ওলাল তেতিয়া আকৌ পুৰি খাই পেলালোঁ।) ছিঃ, তই ইমান লেতেৰা। খাবলৈ আৰু নাপাবি নেকি? সেইবুলি তাক মই লাগি পাৰিলোঁ। সি দাঁতকেইটা নিকটাই ক’লে- ‘এতনা দাম দেইকে কিনথে, এমনে যাইক দেম কি।’ (ইমান দাম দি কিনিছে এনেয়ে যাব দিম নেকি?) এইটোৱেই হ’ল পেটৰা।

কুকুৰীয়া আৰু পানীৰাম। কুকুৰীয়াই বাৰীত কোৰ মাৰিবলৈ আহে। দুবাৰমান কোৰ মৰাৰ পিছত সি বাৰীৰ ছাঁ ঠাই এটুকুৰা বিচাৰি বহি লয়। দুহাতেৰে দুটা মাটিৰ লদা লৈ গুড়ি কৰি কৰি বহি থাকে। শেষ হ’লে আকৌ লয়। আমি চাহ দিবলৈ গৈ তাক তেনে অৱস্থাত আৱিষ্কাৰ দিনতো তাৰ একো কাম নহয়। সেইটো হেনো তাৰ মুদ্রাদোষ। সেইবাবে বনুৱাবোৰে তাৰ নাম থ’লে কুৰকুৰীয়া।

পানীৰামে অকলে অকলে কথা পাতি থাকে। সময়ে সময়ে কামো কৰে, কথাওঁ পাতে। সি সুবিধা পালেই গোবৰ পেলোৱা সৰু পাচিটো নচুৱাই নচুৱাই চোতালৰ ইমূৰৰ পৰা সিমূৰলৈ আচহুৱা মাত এটাৰে গান গাই গাই জপিয়াই ফুৰে। কেতিয়াবা সি মোক বাগানত থকা খেজুৰ গছৰ ৰসৰ পৰা বনোৱা তাঁৰী আনি দিয়ে। এজন শকত বিহাৰী মানুহে শাৰী শাৰী গছত খেজুৰৰ থোকটোৰ তলতে কিবা এটা কায়দা কৰি জোঙা কাঁচিৰ দৰে কটাৰী এখনেৰে বাকলি এৰুবাই লয়। মাটিৰ কলহ একোটা প্রতিজোপাত ওলমাই, থয়। সি গছজোপাত লাহে লাহে উঠি যায় আৰু কঁকালত পোন্ধ মাৰি পিন্ধি লোৱা কাপোৰখনত কটাৰীখনত ৰছী এডাল লগাই ওলমাই লয়। আমি তলৰ পৰা চাই থাকি বৰ ভাল পাওঁ। তালৈ ভয়ো কৰোঁ। কেইদিনমানৰ পিছত কলহ ভৰা খেজুৰৰ ৰস লৈ যায়। আমি অকণমান খাবলৈ খুজিলে নিদিয়ে। সেইটো তাৰ ব্যৱসায়। ৰসবোৰ পুৰণা কৰি মদ বনায়। শনিবাৰে বনুৱাবোৰৰ দৰমহা হয় বাবে বাগানতে এখন বজাৰ বহে। মদবোৰ তাত বিক্রী হয়। মানুহটোৱে আমাক নিদিয়ে বাবে পানীৰামে এটা বুদ্ধি কৰিলে। কেটেপাৰে বাটলু-গুটি মাৰি ওলমি শাক থকা কলহ ফুটাবলৈ ল’লে। ফুটাৰে কলহৰ তলীৰ পৰা ৰসবোৰ যেতিয়া তললৈ পৰে, সি তলৰ পৰা মুখখন মেলি খায়। ক’ৰবাৰ পৰা পাত্র যোগাৰ কৰিব পাৰিলে মোলৈ লৈ আহে। মাঁহতে খং কৰে বুলি কানিমুনি সময়ত চোতালৰ চুকৰ আন্ধাৰত মই, বৰ তৃপ্তিৰে খাওঁ। মই তাৰ লগত এবাৰ মাঘ বিহুৰ উৰুকাৰ দিনা তাঁৰী খাওঁতে মদৰ জুতিয়েই পালোঁ। বোধকৰোঁ পুৰণা হৈছিল। সিহঁত নিঃস্বার্থ আৰু মৰমিয়াল। আমাৰচন কাজিয়া লাগিলেও দেউতাহঁতক আমাৰ বিৰুদ্ধে কেতিয়াও কথা নলগাইছিল।

কচোৱান আন এটা চৰিত্র।। আচৰিতধৰণৰ। অনবৰতে জপৰা দীঘল কেঁকোৰা চুলিকোছাত ৰঙা ফিটাৰ মেৰপাকা এটা দি হাতত ধনু-কাঁড় লৈ জংঘলত যিহকে  পায় মাৰে আৰু খায়। সি নোখোৱা বস্তু একো নাই। সাপ, বেঙৰ পৰা আৰম্ভ কৰি মেকুৰী, কুকুৰ, কের্কেটুৱা, জহামাললৈকে সকলো হজম কৰে। তাক দেখিলে আমি ভয়ো কৰোঁ আৰু ঘিণো কৰোঁ। তাঁৰ গাটো  দূৰৰ পৰাই বৰ গোন্ধায়। সি কেতিয়াও গা নোধোৱে। তাৰ ঘৈণীয়েকৰ নাম সৰস্বতী। সৰস্বতী যি সৰস্বতী। বৰণটোহে, ক’লা। কচোৱানৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰ তাই সময়ত পাত তোলা কাম শেষ কৰি বনুৱা লাইনৰ মূৰত থকা সমূহীয়া দমকলটোত ডাঙৰ ডাঙৰ বটুৱা, কেৰাহীবোৰ চিকচিকীয়াকৈ ধোৱে। তাৰ পিছত গা ধুই চাফা কাপোৰ পিন্ধি ঘৰলৈ খোজ লয়। মই তাক কেতিয়াবা দূৰৰ পৰাই চাই থাকোঁ। মানুহজনী নিৰ্জু। সম্ভ্রান্ত চেহেৰা আৰু চালচলন চকুত লগা। বনুৱাৰ মাজত মনোমোহা দৃশ্য। এতিয়াও মনত পৰি থাকে।

এদিন পুৱাই হঠাৎ বনুবা লাইনত হুলস্থুল লাগিল। সৰস্বতী মৰিল। যোৱানিশা আমি দৌৰ দিলোঁ। কচোৱানক পুলিচে ধৰিলে। কাৰণটো তেনেই সাধাৰণ। নিশা সৰস্বতীয়ে পীৰা  এখনত বহি ভাত খাই আছিল। কচোৱানে  তেনেতে হাড়িয়া খাই ঘৰ সোমাল। তাইক ভাত খাই থকা দেখি ৰণচণ্ডী মূর্তি ধৰি গালি পাৰিবলৈ ধৰিলে। সময়ত কাজিয়া তুংগত উঠিল আৰু কচোৱানে পীৰা এখন লৈ তাইৰ মূৰতে পূর্ণহতীয়া কোব এটা দিলে। সবস্বতী বহাতে মৰিল। বাগানৰ মজদুৰসকল বৰ সৰল মনৰ। মাত্র মদ খালে একো ক’ব নোৱৰা হয়। অঘটন ঘটাই প্রিয়জনক হেৰুৱাই পিছত চিঞৰি চিঞৰি কান্দে। সোনকালে পাহৰিও যায়। তাৰ পিছত দেখিব শনিবাৰৰ বজাৰত কান্ধত ৰেডিঅ’, চকুত ক’লা চছমা, মূৰত ৰঙা ফিটা মাৰি কোনোবা দুলাড়ীক খিলিপাণ খুবাই খিলখিলাই গৈ আছে। নতুন সংসাৰ।