ডন বস্ক’ বিশ্ববিদ্যালয়ত ‘ইণ্ডাষ্ট্ৰী-একাডেমিয়া ইণ্টাৰেক্টিভ চেমিনাৰ’ সম্পন্ন
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ১৬ নৱেম্বৰত ‘ইণ্ডাষ্ট্ৰী-একাডেমিয়া ইণ্টাৰেক্টিভ চেমিনাৰ (Industry-Academia Interactive Seminar)’ অনুষ্ঠিত হয় । মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে আদৰণী ভাষণ আগবঢ়োৱা চেমিনাৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ড° সুকমল দেৱ । মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকলে অংশ গ্রহণ কৰা চেমিনাৰখনত ড° সুকমল দেৱে চফ্ট স্কিল আৰু হার্ড স্কিলৰ প্রয়োজনীয়তা বিষয়ে আলোচনা কৰে । তেওঁ ইঞ্জিনিয়াৰিং শিক্ষা গ্রহণ কৰি উদ্যোগী হোৱা সকলৰ উদাৰণ দাঙি ধৰে। ড° দেৱে শিক্ষাৰ্থীসকলক উদ্যোগী হ’ব বাবে আহ্বান জনায় । তেওঁ সফল উদ্যোগী হ’বলৈ আৱশ্যক হোৱা গুণবোৰৰ বিষয়ে উল্লেখ কৰাৰ লগতে উদ্যোগীসকলে নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্মসংস্থান দিবলৈ সক্ষম হোৱাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় । লগতে ড° দেৱে শিক্ষাৰ্থীসকলৰ সৈতে মতবিনিময় কৰে।