বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস,২০২৩ উদযাপন

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস,২০২৩ উদযাপন

মৃদুস্মিতা শৰ্মা , বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা-  আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।সমগ্ৰ দেশৰ লগতে বোকাখাত মহকুমাতো বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত, মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়,বোকাখাত আৰু বোকাখাত মহকুমাৰ সমূহ সাংবাদিকৰ সহযোগিতাত বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস,২০২৩ উদযাপন কৰা হয়। আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানৰ আঁত ধৰে বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰী উত্তম শইকীয়া ডাঙৰীয়াই। মহকুমা তথ্য আৰু জনসংযোগ বিষয়া শ্রীযুতা নীৰা ৰায়ে আদৰণি ভাষণ আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিকদ্বয় ক্ৰমে শ্ৰী ভৱানন্দ কলিতা, ডঃ বাবুলাল মোৰেই এইবছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল আলোচ্য বিষয় “কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম”ৰ ওপৰত তথ্যসম্বলিত বহুমূলীয়া বক্তব্য দাঙি ধৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত জ্ঞাত-অজ্ঞাত সংবাদকৰ্মী সকলৰ আত্মাৰ চিৰ শান্তি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক শ্ৰী উত্তম শইকীয়াই আলোচ্য বিষয়ৰ ওপৰত ভিডিঅ’ৰ মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তা আৰু সাংবাদিকতাৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে উপস্থিত সকলোকে বহলাই অৱগত কৰে। আজিৰ প্ৰেছ দিৱস অনুষ্ঠানত সহকাৰী আয়ুক্ত শ্ৰীযুতা দিপ্তীমণি টায়ে, বোকাখাতৰ উপ-পঞ্জীয়ক শ্ৰী শ্ৰীজীত বসুমতাৰী, বোকাখাতৰ সাংবাদিক সকল প্ৰমুখ্যে বোকাখাত তথ্য আৰু জনসংযোগ বিভাগ আৰু মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকল উপস্থিত থাকে৷