শিশু দিৱসৰ মূল উদ্দেশ্য- ৰশ্মিৰেখা দুৱৰা

“শিশু দিৱসৰ মূল উদ্দেশ্য”
                              ৰশ্মিৰেখা দুৱৰা
                            ডিব্ৰুগড়
পণ্ডিত জৱাহৰলাল নেহৰু স্বাধীনতা সংগ্ৰামী আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী। নেহৰুৰ প্ৰতি থকা সন্মান আৰু শিশু সকলৰ প্ৰতি তেওঁৰ অকৃত্ৰিম ভালপোৱা আৰু আন্তৰিকতাৰ  বাবেই ১৪ নৱেম্বৰ তেখেতৰ জন্মদিনটোতেই ভাৰতবৰ্ষত শিশু দিৱস পালন কৰা হয়।
প্ৰত্যেক বছৰতে বিশ্বত ২০ নৱেম্বৰ দিনটোতে শিশু দিৱস পালন কৰা হয়।১৯৫৯ চনৰ আগত শিশু দিৱস অক্টোবৰ মাহতহে পালন কৰা হৈছিল।ইউনাইটেড নেচনচৰ সাধাৰণ সন্মিলনত শিশু সকলৰ অধিকাৰৰ ঘোষণা পত্ৰখন ১৯৫৯ চনৰ ২০ নৱেম্বৰত গ্ৰহণ কৰাৰ বাবেই এই দিনটো শিশু দিৱসৰ বাবে বাচি লৈছিল।১৯৮৯ চনত শিশু সকলৰ অধিকাৰৰ বাবে অধিৱেশনখন স্বাক্ষৰিত হৈছিল যিটোক বিশ্বৰ আজীৱনৰ বাবে স্বীকৃতি দিছিল।পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত পণ্ডিত জৱাহৰলাল নেহৰু জন্মদিনটোত আনন্দ উলাহৰ দিন হিচাবে শিশু দিৱস আৰম্ভ কৰিছিল কিয়নো নেহৰুৱে শিশু সকলক বহুত ভাল পাইছিল আৰু মৰম কৰিছিল।শিশু সকলৰ প্ৰতি অকৃত্ৰিম ভালপোৱাক স্বীকৃতি দিবৰ বাবেই ভাৰতত জৱাহৰলাল নেহেৰুৰ জন্মদিনটোত “শিশু দিৱস” হিচাবে পালন কৰাৰ নিয়ম আৰম্ভ হৈছিল।
শিশু দিৱসৰ মূল উদ্দেশ্য আছিল- বিভিন্ন সম্প্ৰদায়ৰ শিশুসকলৰ মাজত এক বান্ধোনৰ সৃষ্টি কৰা আৰু শিশু সকলৰ মঙ্গলৰ বাবে সমস্ত বিশ্বজুৰি উন্নতিৰ বাবে চেষ্টা কৰা।তদুপৰি দেশৰ শিশু সকলক মূল্যবোধৰ বাট দেখুৱাই  এটা সুন্দৰ স্বাস্থ্যকৰ ভৱিষ্যত গঢ়ি শিক্ষা-দীক্ষাত আগুৱাই লৈ যোৱাত উন্নত কৰি তোলা।আজিৰ সময়ত এখন দেশ প্ৰগতিৰ পথত আগুৱাই যাবলৈ হ’লে দেশৰ প্ৰত্যেক শিশু বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰাৰ লগতে কৰ্মমুখী শিক্ষা ব্যৱস্থাৰো প্ৰচলন হ’ব লাগিব।শিশুৰ ওপৰত চলি থকা শোষণ আৰু নিৰ্যাতন বন্ধ হ’ব লাগিব।প্ৰতিটো শিশুৱে খেল-ধেমালিৰ মাজেৰে নিজৰ শৈশৱ উপভোগ কৰাৰ সুবিধা পাব লাগিব।জাতিৰ পিতা মহাত্মা গান্ধীয়ে শিশুকলৈ মন্তব্য কৰিছিলঃ-“এটি শিশুক কেৱল ভদ্ৰ লোক বা ভদ্ৰ মহিলা হ’বলৈহে শিক্ষা দিয়া অনুচিত ৷ ইয়াৰ লগে লগে তেওঁক উপযুক্ত পুৰুষ বা নাৰী হ’বলৈ শিক্ষা দিয়া উচিত।”
জৱাহৰলাল নেহৰুক সোঁৱৰণি জনায়ে ১৪ নৱেম্বৰ দিনটোত বিদ্যালয়বোৰৰ অনুষ্ঠানত নানা ধৰণৰ প্ৰতিযোগিতাবোৰ অনুষ্ঠিত কৰাৰ  ফলত শিশুৰ মানসিক বিকাশৰ লগতে বৌদ্ধিক বিকাশো হয় আৰু শিশু সকলেয়ো নিজৰ প্ৰতিভাবোৰ প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়।