” শিশু আমাৰ ভবিষ্যৎ”
ছেলিমা বেগম
নগাঁও
আমাৰ শিশু আমাৰ
দেশৰ ভবিষ্যতৰ সম্পদ ,
কোনেও নকৰিব নষ্ট
সাৰ পানী দি গঢ়ি তুলিব
এই কথা আমাৰ কাম্য ৷
আমাৰ শিশু আমাৰ
ঘৰখনৰ নহয় দেশৰ
ভবিষ্যতৰ সম্পদ ৷
আজিৰ শিশু কালিলৈ
দেশৰ নাগৰিক ,
শিশু আমাৰ জাতিৰ
অমূল্য সম্পদ ৷
শিশুক সুস্থ কৰিলেহে
দেশখন সুস্থ হ’ব ৷
সৰল আৰু নিষ্ঠা
শিশু সকল এখন
দেশৰ মানৱ সম্পদ ৷
জাতিৰ খুড়া নেহৰু
শিশুসকলক মৰম ,
স্নেহ কৰি গঢ়ি তুলিছিল
অতি যতন কৰি ,
খুড়া তোমাৰ আদৰ্শ
পালন কৰি আমিও
কৰিছোঁ শিশুক সুৰক্ষিত ৷
আমাৰ দেশৰ ভবিষ্যতৰ
সম্পদ যাতে কোনেও
কৰিব নোৱাৰে নষ্ট ৷