গৱেষণা-প্ৰবন্ধ প্ৰস্তুতকৰণ আৰু প্ৰকাশনৰ কৌশল সন্দৰ্ভত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত বিশেষ বক্তৃতা
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- গৱেষণা-প্ৰবন্ধ লিখন আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শৈক্ষিক গৱেষণা প্ৰকাশৰ বিভিন্ন কৌশলৰ বিষয়ে শিক্ষক-শিক্ষাৰ্থী আৰু গৱেষকসকলক অৱগত কৰাৰ লক্ষ্যৰে অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত ১২ অক্টোবৰত এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। ‘ৰিছাৰ্চ টু পাব্লিকেশ্বন: দ্য কমপ্লিট ৱৰ্কফ্লো (Research to Publication: The Complete Workflow)’ শীৰ্ষক এই বক্তৃতানুষ্ঠানত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক উজ্জ্বল কুমাৰ সাহাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি গৱেষণাৰ ফলাফলক মানসম্পন্ন শৈক্ষিক প্ৰবন্ধলৈ ৰূপান্তৰিত কৰাৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে।

গৱেষণাৰ ফলাফলক মানসম্পন্ন শৈক্ষিক প্ৰবন্ধৰ ৰূপত প্ৰকাশ কৰাৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰাই আছিল অনুষ্ঠানটোৰ মূল উদ্দেশ্য। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, বি.টেক. আৰু এম.টেক.ৰ শিক্ষাৰ্থী তথা পি.এইচ.ডি. গৱেষকসকলে অংশগ্ৰহণ কৰে।

বক্তৃতাত অধ্যাপক সাহাই গৱেষণা-প্ৰবন্ধ লিখন, উপযুক্ত গৱেষণা-আলোচনী নিৰ্বাচন আৰু প্ৰবন্ধ জমা দিয়াৰ পদ্ধতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। তেওঁ গৱেষণাৰ মান বজাই ৰখা, প্ৰকাশন-সম্পৰ্কীয় নৈতিকতা অনুসৰণ কৰা আৰু গৱেষণাৰ ফলাফলসমূহ শৈক্ষিক সমাজৰ আগত স্পষ্ট আৰু ফলপ্ৰসূভাৱে উপস্থাপন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ বক্তব্যই বিশেষকৈ নতুন গৱেষকসকলক শৈক্ষিক লিখন আৰু গৱেষণা-প্ৰবন্ধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সহায়ক দিশ-নিৰ্দেশনা প্ৰদান কৰে।

অনুষ্ঠানত অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁয়ে অধ্যাপক সাহাক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ দ্বাৰা ৰচিত ‘‘দক্ষতাভিত্তিক কেৰিয়াৰ’ শীৰ্ষক গ্ৰন্থখন উপহাৰ হিচাপে প্ৰদান কৰে।

অনুষ্ঠানৰ শেষত বিভাগটোৰ সহকাৰী অধ্যাপক তাপসজ্যোতি কলিতাই শলাগৰ শৰাই আগবঢ়ায়। তেওঁ অধ্যাপক সাহাৰ মূল্যৱান বক্তব্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলৰ সক্ৰিয় সহযোগিতাৰ শলাগ লয়।
