জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (জেএছএফ) ৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ (Memorandum) প্ৰদান

জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (জেএছএফ) ৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ (Memorandum) প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা-  দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি গঢ় লোৱা অৰাজনৈতিক ৰাষ্ট্ৰবাদী সংগঠণ “জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF)” ৰ এক ৰাষ্ট্ৰীয় কাৰ্য্যসূচী হিচাপে আজি ০৯/১১/২০২৩ তাৰিখে দুপৰীয়া ১১ বজাত অসমৰ প্ৰতিখন জিলাৰ জিলাধিকাৰীৰ জৰিয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয় । ৰাজ্যিক জেএছএফৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধন কৰা স্মাৰকপত্ৰ এখন গুৱাহাটীত থকা কামৰূপ মহানগৰ জিলাধিকাৰীৰ ওচৰত প্ৰদান কৰা হয় ।
জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ সমৰ্থনত ৰাইজৰ পৰা সমগ্ৰ দেশজুৰি ১ কৌটি ২০ লাখৰো অধিক স্বাক্ষৰ সংগ্ৰহ কৰি যোৱা ২৯ অক্তোৱৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্য্যালয়ত অৰ্পণ কৰাৰ উদ্দেশ্যেৰে গাজিয়াবাদৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈ এক পদযাত্ৰা কৰা হৈছিল, কিন্তু দিল্লি-গাজিপুৰ সীমান্তত প্ৰশাসনে জেএছএফ কৰ্মীসকলক বাধা প্ৰদান কৰাৰ প্ৰতিবাদত  ৰাতি ১০-৪৫ বজাৰ পৰা  দিল্লিৰ সমীপবৰ্তী গাজিয়াবাদ, লাজপত নগৰত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মাননীয় শ্ৰীঅনিল চৌধুৰী ডাঙৰীয়াই আমৰণ অনশণ আৰম্ভ কৰে । জনবিস্ফোৰণৰ ফলত দেশত দেখা দিয়া সমস্যা আৰু জেএছএফৰ কাৰ্য্যসূচী অৱগত কৰি দেশৰ মাননীয়  প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে, লগতে যোৱা ১৫/০৯/ ২০২৩ তাৰিখে সংগঠণৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ  দিয়া চিঠিখনৰো প্ৰতিলিপি সংলগ্ন কৰা হৈছে । অসম জেএছএফ (JSF) ৰ  মাননীয় অধ্যক্ষ শ্ৰীপঙ্কজ তালুকদাৰ সহিত মহাসচিব পৰাগ ডেকা,মহিলা শক্তিৰ অধ্যক্ষা জুলা শৰ্মা, সংগঠণ সচিৱ ৰূপৰেখা গোস্বামীকেই ধৰি কেবাগৰাকীও কাৰ্য্যকৰ্তা  এই স্মাৰকপত্ৰ প্ৰদান কাৰ্য্যসূচীত উপস্থিত থাকে।